মহাৰাষ্ট্ৰৰ বিসম্বাদৰ ৰাজনীতিত কিয় উচ্চাৰিত হ’ল কাজিৰঙাৰ নাম…
ডিজিটেল ডেস্কঃ গুৱাহাটীলৈ শিৱসেনাৰ বিসম্বাদী বিধায়কসকলক লৈ অনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দলটোৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাৱতে। ৰেডিচন ব্লুত বাহৰ পাতি থকা বিধায়কসকলৰ সন্দৰ্ভত ৰাৱতে কয়, দৰ্শনৰ বাবে ভাল ঠাই কাজিৰঙা। তাত ভাল বৰষুণো হয়। যি সকলে এই প্ৰাকৃতিক পৰিৱেশ চাব খুজে তেওঁলোক তালৈ যাব পাৰে।
ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে কয় যে, মহাৰাষ্ট্ৰ বিধানসভা ভংগ কৰি দিয়াৰ কোনো সম্ভাৱনা নাই। কোভিডত আক্ৰান্ত হৈ থকা মুখ্যমন্ত্ৰী ঠাকৰেয়ে বিধায়কসকলৰ সৈতে এখন বৈঠকত ভাৰ্ছুৱেলী মিলিতি হ’ব। ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকলৈ শিৱসেনাৰ সকলো বিধায়কে আমন্ত্ৰণ জনোৱা হৈছে।
ক্লিক কৰি পঢ়কঃ এসপ্তাহৰ পূৰ্বেই ৰেডিচন ব্লুত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাবে বুক কৰা হৈছিল কোঠা…