কাজিৰঙাত অখিলবিহীন ‘নভূঁই উৎসৱঃ সকলোৱে ক’লে- মুকলি কৰক তেওঁক…

কাজিৰঙাত অখিলবিহীন ‘নভূঁই উৎসৱঃ সকলোৱে ক’লে- মুকলি কৰক তেওঁক…

ডিজিটেল ডেস্কঃ এই সময়খিনিত তেওঁ খুবেই ব্যস্ত থাকে। কেৱল তেৱেঁ নহয়, কাষৰীয়া বাসিন্দাসকলো ব্যস্ত থাকে বিগত প্ৰায় এসপ্তাহ ধৰি। স্ফূৰ্তি-আনন্দৰ মাজেৰে আজি অথাৎ ১জুলাইৰ দিনটোতে কাজিৰঙা ৰাষ্ট্রীয় অৰ্কিড উদ্যানত উদযাপন হয় নভূঁই উৎসৱ। উদ্যানখন গঢ় দিয়াৰ ক্ষেত্ৰত গুৰি ধৰা কৃষক নেতা অখিল গগৈৰ এইদিনটোত অন্তহীন ব্যস্ততা।

কাজিৰঙা ৰাষ্ট্রীয় অৰ্কিড উদ্যানত উদযাপন হোৱা এই নভূঁই উৎসৱত অংশ ল'বলৈ ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰা আহে বহু লোক। অসমীয়া সমাজে কি ৰীতি-নীতিৰে মাটি চহ কৰি বোকা দি তাত ভুইঁ ৰোৱে, সেই সকলোবোৰ চোৱাৰ উপৰিও নিজে সেই বাস্তৱ অভিজ্ঞতা লৈ অনেক বিদেশী পৰ্যটকে বহুকেইটা প্ৰৱন্ধ লিখিছে।

https://www.facebook.com/pratidintime/videos/2603209856558584/
২০২০ৰ নভূঁই উৎসৱ

কোনো ধৰণৰ কৃত্ৰিমতা নথকাকৈ অসমীয়া সমাজ তথা গ্ৰাম্য জীৱনৰ সোৱাদ ল'বলৈ এই নভূঁই উৎসৱত ৰাজ্যৰ বহু সংস্কৃতিৱান লোকৰ লগতে নৱপ্ৰজন্মৰ উপস্থিতিও আছিল লক্ষ্যণীয়। ভুঁই ৰোৱাৰ মাজতে এজনে আনজনৰ লগত ধেমালি, বোকাত লুটুৰি-পুটুৰি হৈ সকলোৱে বিহুনাম গাই, পথাৰতে পইতা ভাঁত খোৱাৰ সেই আনন্দ তাত উপস্থিত থকাজনহে হয়তো অনুঙৱ কৰিব পাৰিব।

১জুলাইৰ দিনটোত কাজিৰঙা ৰাষ্ট্রীয় অৰ্কিড উদ্যানক নভূঁই উৎসৱে যেন এক নতুন প্ৰাণ দিয়ে। ২০১৭চনৰে পৰা উদযাপন হৈ অহা এইবাৰৰ উৎসৱটি প্ৰথমবাৰলৈ অখিল গগৈৰ অনুপস্থিতিত উদযাপন কৰা হ'ল। তথাপিও কোৰোনা মহামাৰীৰ মাজত গাৱঁৰ বাসিন্দাই অনুষ্টুপীয়াকৈ এইবাৰ অনুষ্ঠিত কৰিলে নভূঁই উৎসৱ।

নভূঁই উৎসৱ উদযাপন কৰিলেও সকলোৱে এইবাৰ উপলদ্ধি কৰিলে কৃষক নেতা অখিল গগৈৰ অনুপস্থিতি। কিয়নো প্ৰতিবাৰতে কৃষকনেতা অখিল গগৈয়ে নিজে হাল বাই বোকা দিয়াৰ লগতে ৰোৱনীৰ সৈতে ভুঁইয়ো ৰোৱে। ৩মাহৰো অধিক কাল না না গোচৰত চৰকাৰে কৃষক নেতা গৰাকীক বন্দী কৰি থোৱাক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে বাসিন্দাসকলে। হাল বাই, ভুইঁ ৰোৱাৰ মাজতে কৃষক নেতাগৰাকীক অচিৰেই মুক্তি দিয়াৰো দাবী উত্থাপন কৰে তেওঁলোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in