”কাজিৰঙা বঁটা-২০১৯-২০২০” ঘোষনা …

”কাজিৰঙা বঁটা-২০১৯-২০২০” ঘোষনা …

ডিজিটেল ডেস্ক : বোকাখাতৰ এচাম নৱীন প্ৰৱীন সাংবাদিকৰ দ্বাৰা গঠিত সংবাদ প্ৰতিষ্ঠান "কাজিৰঙা নিউজ নেটৱৰ্কে" ২০১৯-২০ বৰ্ষৰ বাবে "কাজিৰঙা বঁটা ২০১৯-২০" ঘোষনা কৰে । বিগত সময়ত অনুষ্ঠানটোৱে কাজিৰঙা বঁটাৰ উপৰিও সাংবাদিকৰ কৰ্মশালা, শিশুনাট কৰ্মশালা, উত্তৰ পূৰ্বাঞ্চল ভিত্তিত সৌন্দৰ্য প্ৰতিযোগিতা, গ্ৰন্থ প্ৰকাশ,চুটি ছবি প্ৰতিযোগিতা, ভ্ৰাম্যমান মুখপত্ৰ প্ৰতিযোগিতা অনুষ্ঠান কৰি আহিছে ।

দুয়োটা বৰৰ্যৰ বাবে বাণেশ্বৰ মহন্ত সোঁৱৰনি ২০১৯ গোলাঘাট জিলা ভিত্তিক শ্ৰেষ্ঠ সাংবাদিক বঁটা লাভ কৰিছে প্ৰতিদিন টাইমৰ খুমটাইৰ সংবাদদাতা সাৰংগ তামুলী,২০২০ বৰ্যৰত লাভ কৰিছে অসমীয়া খবৰৰ মৰঙীৰ সংবাদদাতা প্ৰীয়ংদ্বীপ কাকতি । অসম ভিত্তিত ধনিল বৰঠাকুৰ সোঁৱৰনি বঁটা লাভ কৰিছে ২০১৯ বৰ্যত মধুস্মিতা টুইংকুল,২০২০ বৰ্ষত প্ৰৱীণ দলে ।

সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰনি ৪০ বছৰ অনুৰ্ধৰ সাহিত্য বঁটা ২০১৯ বৰ্যত পাৰ্থৱ শইকীয়াই লাভ কৰাৰ লগতে ২০২০ বৰ্যত প্লাৱিতা বাঢ়ৈয়ে লাভ কৰে । মহেন্দ্ৰ নাথ শইকীয়া সোঁৱৰনি বঁটা লাভ ২০১৯ বৰ্যত মনিকা বৰাই লাভ কৰাৰ লগতে ২০২০ বৰ্যত অন্বেষা কাশ্যপে লাভ কৰে । ডিম্বেশ্বৰ শইকীয়া সোঁৱৰনি বঁটা ২০১৯ বৰ্ষত লাভ কৰিছে উপাসনা মুদৈ আনহতে ২০২০ বৰ্ষত হৰিদ্ৰা বৰাই এই বঁটা লাভ কৰে ।

১৬ নৱেম্বৰত 'কাজিৰঙা নিউজ নেটৱৰ্কে'ৰ প্ৰতিষ্ঠা দিৱসৰ লগতে সংগটি ৰাখি " কাজিৰঙা বঁটা " বোকাখাতৰ টেচক ৰিজৰ্টত প্ৰদান কৰা হ'ব । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি পতাকা উত্তোলন,স্মৃতি তৰ্পন আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in