দুখতো সুখ! ‘কঙালী’ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া

দুখতো সুখ! ‘কঙালী’ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া

♦ ডি জে ধনন্তৰি

দুখ আছে বাবেই আছে সুখৰ উপলব্ধি৷ এই কথা পৃথিৱীৰ আন কোনো জাতিয়ে অতীজতে ভালকৈ বুজি উঠিছিল নে নাই সেয়া ক'ব পৰা নগ'লেও অসমীয়াই যে বুজি উঠিছিল তাক ন দি ক'ব পাৰি৷ এই কথা বুজিছিল বাবেই কেৱল ৰং-ৰহইচ আৰু ভোগৰ আনন্দতে মতলীয়া হৈ থকা নাছিল অসমীয়া জাতি৷

এন্ধাৰৰ বাট বুলিয়েই পাব লাগিব পোহৰ৷ আজি ভৰাল উদং৷ পিছে এই উদং অৱস্থা কিমান দিনলৈ? সময় জানো ৰৈ থাকে? কাতি গ'লেই আহিব আঘোণ৷ সোণালী হৈ উঠিব ধাননি৷ কাতিৰ কঙালীত ভৰাল উদং হৈ পৰা কৃষকেও জানে আৰু কিছুদিন পিছতে সোণগুটিৰে পুনৰ ভৰি পৰিব ভৰাল৷ সেয়া হ'লেও কাতিৰ দুৰ্দিনৰ আছে এক সুকীয়া মাদকতা৷ সেই দুখবোধ অনুভৱ কৰাতেই লুকাই আছে কঙালী বিহুৰ বিশেষত্ব৷

দুখবোধ অনুভৱ কৰিব পৰা জাতি অসমীয়া৷ লক্ষ্য কিন্তু সুখ৷ দুখেৰেহে কৰিব পাৰি সুখৰ সাধনা৷ ফকৰা যোজনাতো কোৱা হৈছে- দুখ নকৰিলে মুখ নভৰে৷ বহাগৰ বৰষুণৰ পিছত জেঠ-আহাৰত কঠিয়া সিঁচি ভূঁই ৰোৱালৈকে কিমান যে কষ্ট৷ তাৰ মাজতে আছে পথাৰ ধুই নিয়া বান৷ ইমানতেই কষ্টৰ শেষ নহয়৷ গেৰ মেলা ধাননিত আৰম্ভ হয় কীট-পতংগৰ আক্ৰমণ৷ এনেকৈয়ে হাজাৰ বিজাৰ দুৰ্ভাৱনাই আৱৰি ধৰে কৃষকক৷

ইমান দুৰ্ভাৱনা সত্বেও সাহস আৰু ধৈৰ্য্যৰে অসমীয়া কৃষক ৰৈ থাকে সুদিনৰ অপেক্ষাত৷ কীটনাশক নথকা সেই দিনত কীট-পতংগৰ আক্ৰমণ কেনেকৈ ৰোধ কৰিব? উপায় কি? উপায় আকাশ বন্তি, উপায় খেতিপথাৰত সন্ধিয়া পৰত বন্তি প্ৰজ্বলন৷ এনেকৈয়ে আৰম্ভ হয় পৰম্পৰা৷ ঘৰৰ চৌপাশত দিবলৈ তেতিয়াতো কোনো সুগন্ধি সামগ্ৰী নাছিল, ফেনাইলো নাছিল৷ তেন্তে কি দিব? সমাধান তুলসী৷ কৈ শেষ কৰিব নোৱাৰা তুলসীৰ গুণৰ বিষয়ে জানিছিল তাহানিৰ অসমীয়াই৷

কঙালীৰ দিনতে সেয়ে ৰোপণ কৰিছিল তুলসী। মাটিৰ চাকি অথবা ঔটেঙাৰ বকলাত সৰিয়হ তেল আৰু কপাহৰ ধিমিক-ধামাক জুই শিখাৰে উজ্বলি উঠিছিল তুলসী তল। তুলসী তলত পিছে মৃগ পহু চৰা নাছিল, চৰিছিল অসমীয়া কঙাল কৃষকৰ আশা-ভৰসা আৰু সপোন। সপোনো কিন্তু তুলসীৰ তলত চৰা মৃগপহু বধিবলৈ ৰামচন্দ্ৰই ধৰা ধনুশৰৰ দৰে নহয়। সেই সপোন হৈছে সোণগুটি চপোৱাৰ সপোন।

এনেকৈয়ে অসমীয়াই তাহানিতে সুখৰ সপোন দেখি কঙালী বিহু পালন কৰি অনুভৱ কৰিবলৈ শিকিছিল দুখবোধ। কঙালীৰ এই দুখবোধতে লুকাই আছিল প্ৰাপ্তিৰ আশা আৰু অনাবিল সুখ ভোগৰ ইংগিত।

♦ ধন্যবাদ ছ'চিয়েল মিডিয়া

ছ'চিয়েল মিডিয়াক ধন্যবাদ। কোনে কয় কংক্ৰীটৰ মহানগৰীয়ে পৰম্পৰা পাহৰি পেলায়? হয়, এটা সময় আছিল যি সময়ত কংক্ৰীটৰ মহানগৰীৰ মানসিকতাই কঙালী বিহুত লুকাই থকা তাহানিৰ অসমীয়াৰ দাৰ্শনিক তত্বক উপেক্ষা কৰিছিল। পিছে ছ'চিয়েল মিডিয়াৰ আগমনৰ লগে লগে এক জাগৰণ সৃষ্টি হ'ল। এই জাগৰণ সৃষ্টিৰ কৃতিত্ব মূল সূঁতিৰ ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমে দাবী কৰিব নোৱাৰে। এই কৃতিত্বৰ একমাত্ৰ দাবীদাৰ ছ'চিয়েল মিডিয়া।

ফেচবুক-হোৱাটছএপৰ আগমনৰ লগে লগে অসমীয়া বহু সংস্কৃতি আৰু পৰম্পৰা পূৰ্বতকৈ কিছু নতুন ৰূপত হ'লেও পুনৰ নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ প্ৰয়াস কৰা দেখা গৈছে। প্ৰয়াস বুলিলে হয়তো ভুল হ'ব, কিয়নো সেয়া ইতিমধ্যে আৰম্ভ হৈছেই। ছ'চিয়েল মিডিয়াৰ কৃপাতে আজি
প্ৰকৃতাৰ্থত কলিকতীয়া সংস্কৃতি দুৰ্গাপূজাৰ ধামখুমীয়াৰ মাজতো অট্টালিকাৰ ওপৰমহলাতো টাবত তুলসী ৰুই হ'লেও পৰম্পৰাক পুনৰ জীয়াই তুলিছে আজিৰ প্ৰজন্মই। সময়ৰ সৈতে খোজ মিলাই সেই ফটো নিজৰ ছ'চিয়েল মিডিয়া প্ৰফাইলত আপলোড কৰি সকলোকে জনাই দিছে যে অসমীয়া হিচাপে কঙালী বিহু উদযাপন কৰি তেওঁলোক গৰ্বিত।

বহুতে হোৱাটছএপৰ জৰিয়তে কঙালী বিহুৰ শুভেচ্ছাও প্ৰেৰণ কৰিছে। একাংশই ইয়াৰ বিৰোধিতা কৰিছে। বিৰোধিতা কৰাসকলৰ যুক্তি এয়া যে কঙালী বিহু হৈছে দুখৰ উৎসৱ, এনেহেন দুখৰ উৎসৱতো শুভেচ্ছা দিয়া উচিত নে? শুভেচ্ছা দিয়াসকলৰো আছে যুক্তি। কঙালী বিহু হৈছে অসমীয়াৰ পৰম্পৰা। এতিয়া কঙালী বিহুত ভৰাল উদং বুলি দুখ কৰিবলগীয়া একোৱেই নাই। কিয়নো বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰ লগে লগে খেতিপথাৰৰ ৰেহ-ৰূপ সলনি হৈছে।

কীট-পতংগ নাশ কৰিবলৈ এতিয়া আৰু আকাশ বন্তি বা চাকি জ্বলোৱাৰ কোনো প্ৰয়োজন নাই। তুলসী তলৰ প্ৰয়োজন অৱশ্যে এতিয়া পূৰ্বতকৈও কেবাগুণে বাঢ়িছে। মুঠৰ ওপৰত যি উদ্দ্যেশ্যৰে পূৰ্বে অসমীয়া কৃষকে কাতি বিহু উদযাপন কৰিছিল সেই উদ্দেশ্যেৰে বৰ্তমান কোনেও এই বিহু পালন নকৰে। পালন কৰে পৰম্পৰাৰ নামত। গতিকে সময়ৰ সৈতে খোজ মিলাই কাতি বিহু বুলিও যে এটা বিহু আছে সেয়া যাতে কোনেও পাহৰি নেপেলায় তাৰ বাবে সময়ৰ সৈতে খোজ মিলাই কাতি বিহুৰ শুভেচ্ছা প্ৰদান কৰাতো কোনো ভুল হ'ব নোৱাৰে বুলি দাবী কৰে এই পক্ষটোৱে।

সি যি নহওক, ছ'চিয়েল মিডিয়াৰ সহায়ত এতিয়া অসমীয়াই ৩ বিহুৰ সকলোতকৈ অৱহেলিত বিহুটোক এটা নতুন ৰূপ দিব খুজিছে। ৰঙালী বিহু আৰু ভোগালী বিহুৱে ইতিমধ্যে নতুন ৰূপ ধাৰণ কৰিলেই। অৱশ্যে নতুন ৰূপ ধাৰণ কৰিলেই যে পৰম্পৰা এটাই স্বকীয়তা হেৰুৱাই পেলাব সেয়া নহয়। স্বকীয় বৈশিষ্ট অটুত ৰাখিও সময়ৰ আহ্বানত পৰম্পৰা এটা পৰম্পৰা হৈ জীয়াই থাকিবলৈ নতুন ৰূপ ধাৰণ কৰিবই লাগিব। অন্যথাই কেৱল পৰম্পৰাৰ নামত পৰম্পৰা এটা কেতিয়াও বোৱতী সুঁতি হৈ যুগ যুগ ধৰি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হ'ব নোৱাৰে।

♦ আকাশবন্তিয়ে উজলাইছে আকাশ

আকাশবন্তি জ্বলিছে। এটা সময়ত কাতি বিহুত প্ৰতিখন পথাৰতে জ্বলিছিল আকাশ বন্তি। এতিয়া সময় সলনি হ'ল। সন্ধিয়া হ'লেই নিয়ন চাকিৰ পোহৰত চমকি উঠে গাঁৱৰ পিছত গাঁও, চহৰৰ পিছত চহৰ। বৈজ্ঞানিক পদ্ধতিৰে খেতি-বাতি কৰাসকলে খেতিপথাৰতো নিশাৰ ভাগত বিজুলী বাতিৰ ব্যৱস্থা কৰিছে।

সেই বুলিয়েই অসমীয়াৰ প্ৰাণৰ পৰম্পৰা এটা কি নাইকিয়া হৈ পৰিব। ওহো সেয়া হ'বলৈ দিব নোৱাৰি। হ'বলৈ দিব নোৱাৰি বাবেই বহুতে আজিও জীয়াই ৰাখিছে সেই পৰম্পৰা। ছেগা চোৰোগাকৈ হ'লেও অসমৰ ভিন্ন স্থানত আজিৰ দিনটোত সন্ধিয়া পথাৰত জ্বলি উঠিছে আকাশ বন্তি।

কীট-পতংগ নাশ কৰাৰ লগতে আকাশ বন্তিৰ সৈতে আন লোক বিশ্বাসো জড়িত হৈ আছে। এনে এক বিশ্বাস এয়ে যে আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। এইধৰণৰ একাধিক পৰম্পৰা আৰু লোক বিশ্বাসৰ মাজেৰে মাজুলীৰ আউনীআটি সত্ৰত প্ৰতিবছৰেই আকাশবন্তি জ্বলাই অহা হৈছে।

♦ তুলসী তলৰ পৱিত্ৰতা

এই বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুস্থানটো হ'ল তুলসী তলৰ গধূলি। চোতালত সৰুকৈ মাটিৰ ঢিপ তুলি সন্ধিয়া তাতে ৰুই দিয়া হয় তুলসীৰ পুলি। সেই তুলসীৰ পুলিটিৰ তলত জ্বলোৱা হয় মাটিৰ চাকি। আগবঢ়োৱা হয় নৈবেদ্য। হৰিনামৰ ধ্বনিয়ে কপাঁই তোলে প্ৰতিটো চুবুৰী।

সুখৰ কথা এয়ে যে সময় সলনি হ'লেও নতুন প্ৰজন্ময়ো তুলসীৰ তলৰ পৱিত্ৰতা বুজি উঠিছে। মহা নৱমীৰ আনন্দ-উছাহৰ মাজতে অসমৰ নতুন প্ৰজন্মই কঙালী বিহুৰ মাজত নিহিত হৈ থকা দুখবোধ উপলব্ধি কৰিবলৈ চেষ্টা চলাইছে। সন্ধিয়া তুলসী পুলি ৰুই তাত বন্তি জ্বলাই সেৱা জনাই কঙালীৰ দুখবোধৰ সৈতে একাত্ম হৈহে পুনৰ নৱমীৰ আনন্দ উপভোগ কৰিবলৈ ওলাই গৈছে নতুন প্ৰজন্ম। কেৱল গ্ৰামাঞ্চলতে নহয় চহৰতো দেখা গৈছে একে পৰিৱেশ।

মহানগৰীৰ বাসিন্দাসকলেও তুলসী পুলি বিচাৰি বিচাৰি আনিছে। বিচাৰি বিচাৰি নাপালে নাৰ্ছাৰীৰ পৰা হ'লেও কিনি আনিছে তুলসী পুলি। কানাডা-আমেৰিকাৰ জাতিপ্ৰেমী লোকৰ অৰ্থ সাহায্যত এনে অসুবিধাৰ কথা উপলব্ধি কৰিয়েই স্বেচ্ছাসেৱী সংগঠনে বিনামূলীয়াকৈ তুলসী পুলি বিতৰণৰো ব্যৱস্থা কৰিছে। এনেকৈয়ে কংক্ৰীটৰ অৰণ্যত টাবত তুলসী পুলি ৰুই তাতে চাকি জ্বলাই পালন কৰিছে কঙালী বিহু। ফেচবুক-হোৱাটছএপত এনে ফটো অজস্ৰ দেখা গৈছে। বহুতেই হয়তো ইয়াক প্ৰদৰ্শনকামিতা আখ্যা দিব।

পিছে কংক্ৰীটৰ অৰণ্যত মহা নৱমীৰ মাজতো বিচাৰি বিচাৰি তুলসী পুলি আনি টাবত ৰুই হ'লেও কঙালী বিহু পালনৰ যি চেষ্টা সেই চেষ্টাত প্ৰদৰ্শনকামিত বুলি হাঁহিৰে উৰুৱাই দিয়াতো সহজ হ'লেও সময়ৰ সৈতে খোজ মিলাই পৰিৱেশ-পৰিস্থিতিৰে সহৱস্থান কৰিও পৰম্পৰাক নতুন ৰূপত হ'লেও ধৰি ৰখাৰ যি প্ৰয়াস সেই প্ৰয়াসক ইতিকিং নকৰি উৎসাহিত কৰিলে কঙালী বিহু কোনোদিনেই হেৰাই নাযায় বুলি ন দি ক'ব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in