কটাহবাৰীৰ জি পি আৰ এ কলনীত ব’হাগী উৎসৱৰ আনন্দত মতলীয়া হ’ল সকলো, চাওক VIDEO

কটাহবাৰীৰ জি পি আৰ এ কলনীত ব’হাগী উৎসৱৰ আনন্দত মতলীয়া হ’ল সকলো, চাওক VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ কটাহবাৰীৰ জি পি আৰ এ কলনীত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ব'হাগী উৎসৱৰ দেওবাৰে সামৰণি পৰে। ২০০২ চনৰ পৰা কটাহবাৰীত উলহ মালহেৰ আয়োজন কৰি অহা এই ব'হাগী উৎসৱে এই বৰ্ষত ১৭ টা বৰ্ষ অতিক্ৰম কৰিলে। ২৭ ব'হাগ শনিবাৰে পুৱা ৮ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা ব'হাগী উৎসৱত ৮.৩০ বজাত পতাকা উত্তোলন কৰা হয়।

তাৰ পিছতে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ অন্তত সন্ধিয়া স্মৰণিকা 'সমাহাৰ' উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক, শিক্ষাবিদ তথা গৱেষক ডঃ উপেন্দ্ৰ ৰাভা হাকাচামে স্মৰণিকা উন্মোচন কৰাৰ পিছতে ৬.৩০ বজাৰ পৰা আৰম্ভ হ'ব লগা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে বৈজ্ঞানিক ডঃ এছ এছ সিঙে।

দেওবাৰে পুৱা ৮ বজাৰ পৰা খেল ধেমালি প্ৰতিযোগিতা, দুপৰীয়া ১ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, ২ বজাৰ পৰা কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা ইত্যাদি অনুষ্ঠিত হয়। তাৰ পিছতে আবেলি ৪ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰু সন্ধিয়া ৭ বজাৰ পৰা নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

বিহু বুলি ক'লে কোনো লোকে ৰৈ থাকিব নোৱাৰে। প্ৰতিজন অসমীয়া তথা অসমবাসীৰ তেজত আছে এই বিহু। জি পি আৰ এ কলনীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা এই ব'হাগী উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকে অংশগ্ৰহণ কৰে৷ এই বিহুৰ আছে এক বিশেষ বৈশিষ্ট।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত লোকসকল বাস কৰে এই কলনীত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰৰ বহু লোক এই কলনীৰ আবাসী।

বিহুৰ সময়ত সকলো লোক নিজ কৰ্মক্ষেত্ৰত ব্যস্ত থকাৰ বাবে এনেদৰে প্ৰতিবছৰে জি পি আৰ এ কলনীৰ বাসিন্দাসকলে বিহু পালন কৰে। আবাসীক এলেকাটোৰ সকলো মহিলা একেলগ হৈ এই অনুষ্ঠানত তেওঁলোকে জেং বিহু পৰিৱেশনো কৰে।

দেউৰি, কাৰ্বি, বড়ো, মিচিং ইত্যাদি সকলো জাতি-জনগোষ্ঠীৰ পৰম্পৰাৰ বিহু পৰিৱেশন কৰা হয় ব'হাগী উৎসৱত। এই আবাসিক এলেকাত বাস কৰা বাংগালুৰু, বিহাৰ, পাঞ্জাৱ, ওড়িশা ইত্যাদি ৰাজ্যৰ লোকসকলে এই বিহুত প্ৰত্যক্ষভাবে জড়িত হৈ আনন্দ উপভোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in