কাশ্মীৰত সন্ত্ৰাস চলাবলৈ কোনে দিয়ে ধন? আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ জনক…

কাশ্মীৰত সন্ত্ৰাস চলাবলৈ কোনে দিয়ে ধন? আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ জনক…

ডিজিটেল ডেস্কঃ এইবাৰ সেনা-আৰক্ষীয়ে আটক কৰিলে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা ৩ জন ব্যক্তিক। জন্মু-কাশ্মীৰত চলি থকা সন্ত্ৰাসমূলক কাৰ্যক পৃষ্ঠপোষকতা কৰা এই তিনি ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিধৰা দলং অঞ্চলত। গ্ৰেপ্তাৰ কৰা তিনিওজন ব্যক্তি সন্ত্ৰাসবাদী কৰ্মীৰ সহযোগী।

গ্ৰেপ্তাৰ কৰা তিনিওজন ব্যক্তিৰ পৰা সুৰক্ষা কৰ্মীয়ে জব্দ কৰিছে ৪৩ লাখ টকা। তিনিওজন ব্যক্তিয়ে এই ধনখিনি পঞ্জাৱৰ পৰা কাশ্মীৰলৈ লৈ গৈ আছিল। তিনিওজনৰ বিৰুদ্ধে আৰক্ষীয়ে নাগাৰোটাত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in