‘কৰুণাধাৰা’ই দৰিদ্ৰ ৰোগীলৈ প্ৰদান কৰিলে ৩৬ হাজাৰ টকাৰ চেক

‘কৰুণাধাৰা’ই দৰিদ্ৰ ৰোগীলৈ প্ৰদান কৰিলে ৩৬ হাজাৰ টকাৰ চেক

ডিজিটেল সংবাদ মঙলদৈঃ সমাজৰ শাৰীৰিক ভাৱে বাধাগ্ৰস্ত আৰু জটিল ৰোগত আক্ৰান্ত দৰিদ্ৰ লোকক জীয়াই থকাৰ বাবে অলপ সাহস, অলপ প্ৰেৰণা, অলপ মৰম দিয়াৰ উদ্দেশ্যে বিশিষ্ট সাহিত্যিক, সাংবাদিক সদ্যপ্ৰয়াত হোমেন বৰগোহাঞিৰ নেতৃত্বত ২০১১ চনৰ ১২ ফ্ৰেব্ৰুৱাৰীত গঠন হোৱা 'কৰুণাধাৰা' নামৰ মানৱতাবাদী সংগঠনটোৱে দৰিদ্ৰ ৰোগী আৰু বিশেষভাৱে সক্ষম ব্যক্তিলৈ অব্যাহত ৰাখিছে দান বৰঙণি প্ৰদানৰ প্ৰক্ৰিয়া।

কোৰোনাৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাইজৰ পৰা ধন সংগ্ৰহ একেবাৰে কম হোৱা স্বত্বেও সংগঠনটোৱে বিভিন্ন জটিল ৰোগত আক্ৰান্ত দৰং আৰু ওদালগুৰি জিলাৰ ৪ জনলৈ বুধবাৰে আগবঢ়ালে মুঠ ৩৬ হাজাৰ টকাৰ চেক।

'কৰুণাধাৰা' দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তই জনোৱা মতে জটিল ৰোগত আক্ৰান্ত শিশু ক্ৰমে- বৰকলা বাগিছাৰ বিকাশ বৰুৱা, মঙলদৈ বৰুৱাপাৰাৰ জয়শ্ৰী বাঢ়ৈ, ওদালগুৰি জিলাৰ মুদৈবড়িৰ নিশিতা চহৰীয়াক ৯ হাজাৰ টকাকৈ চেক আৰু ছিপাঝাৰ চেঙাপাৰাৰ নীলাধৰ কুমাৰক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। এই চেক প্ৰদান কাৰ্যসূচীত ওদালগুৰি জিলা সহায়ক সমিতিৰ সম্পাদক ৰেৱতী ৰমণ চাপকোটা আৰু দৰং জিলা সহায়ক সমিতিৰ সহকাৰী সম্পাদক শেখৰ মজুমদাৰ, বিজয় ডেকা আদি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in