প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমৰ পুত্ৰৰ ভাৰতসহ ৩ দেশত থকা সম্পত্তি বাজেয়াপ্ত

প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমৰ পুত্ৰৰ ভাৰতসহ ৩ দেশত থকা সম্পত্তি বাজেয়াপ্ত

ডিজিটেল ডেস্কঃ আইএনএক্স মিডিয়া দুৰ্নীতি কাণ্ডৰ লগত জড়িত কাৰ্তি চিদাম্বৰমৰ ভাৰত, ব্ৰিটেইন আৰু স্পেইনত থকা ৫৪ কোটি টকাৰ সম্পত্তি ভাৰত চৰকাৰৰ এনফৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰে৷

প্ৰিভেনশ্যন অব্ মানি লণ্ডাৰিং এক্ট (পিএমএলএ)ৰ আওতাত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ কোদাইকানাল, উটি আৰু দিল্লীৰ জোৰবাগাৰত থকা এটা ফ্লেটও বাজেয়াপ্ত কৰাৰ বাবে তদন্তকাৰী সংস্থাটোৱে নিৰ্দেশ দিয়ে৷

ইডিৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, এই নিৰ্দেশ মৰ্মেই ব্ৰিটেইনৰ ছমাৰছেটত থকা কাৰ্তিৰ এটা ক'টেজ আৰু স্পেইনৰ বাৰ্চিলোনাত থকা এটা টেনিছ ক্লাৱো বাজেয়াপ্ত কৰা হৈছে৷

এই সম্পত্তিসমূহৰ মালিকানা কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ কোম্পানী এডভান্টেজ ষ্ট্ৰেটেজিক কনচাল্টিং প্ৰাইভেট লিমিটেডৰ নামত আছে৷ বাজেয়াপ্ত হোৱা সম্পত্তিসমূহৰ মূল্য প্ৰায় ৫৪ কোটি বুলি জানিব পৰা গৈছে৷ ইফালে, এই ঘটনাত চিবিআইৰ এজাহাৰৰ ভিত্তিত পিএমএলএত গোচৰো ৰুজু কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in