পিতৃ জেলত থকা অৱস্থাত পুত্ৰ কীৰ্তি চিদাম্বৰমে ই ডিৰ বিষয়াক লগ ধৰি কিয় ক’লেঃ HELLO…

পিতৃ জেলত থকা অৱস্থাত পুত্ৰ কীৰ্তি চিদাম্বৰমে ই ডিৰ বিষয়াক লগ ধৰি কিয় ক’লেঃ HELLO…

ডিজিটেল ডেস্কঃ আই এন এক্স মিডিয়া কেলেংকাৰীক লৈ সোমবাৰে ই ডিয়ে সোধপোচ কৰে পি চিদাম্বৰমৰ পুত্ৰ কীৰ্তি চিদাম্বৰমক। সোধপোচৰ অন্তত ই ডি কাৰ্যালয়ৰ পৰা ওলাই আহি সংবাদমাধ্যমৰ সন্মুখত টুলুঙা মন্তব্য প্ৰদান কৰে কীৰ্তি চিদাম্বৰমে।

কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত সংবাদমাধ্যমৰ কোনো প্ৰশ্নত গুৰুত্ব নিদি হাঁহি হাঁহি কীৰ্তি চিদাম্বৰমে কয় যে- ই ডিৰ বিষয়াসকলক মই হেল্ল বুলি কবলৈ আৰু দশহেৰাৰ ওলগ জনাবলৈ আহিছিলো। ইয়াৰ পাচতে নিজৰ বাহনত উঠি সেই স্থান ত্যাগ কৰে কীৰ্তি চিদাম্বৰমে।

উল্লেখ্য যে, আই এন এক্স মিডিয়া কেলেংকাৰীত ইতিমধ্যে তিহাৰ জেলত আছে পি চিদাম্বৰম। হৈ যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান নকৰাত এতিয়া পৰৱৰ্তী শুনানিৰ লৈকে জেলতে থাকিব দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in