এজন উপ-মুখ্যমন্ত্ৰীৰ মন্তব্য- বেয়া পথ নহয়, ভাল পথতহে হয় দুৰ্ঘটনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃকৰ্ণাটকৰউপ-মুখ্যমন্ত্ৰী গোবিন্দ কৰজ'লে কৰিলে এক অদ্ভূত মন্তব্য। উপ-মুখ্যমন্ত্ৰীগৰাকীৰমতে, দুৰ্ঘটনা বেয়া পথৰ বাবে নহয়, ভাল পথৰ বাবেহে হয়। নতুন যান-বাহন আইন উলংঘাৰনামত ভৰিব লগা জৰিমনা হ্ৰাস কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈউপ-মুখ্যমন্ত্ৰীগৰাকীক কৰা এক প্ৰশ্নত এনেদৰে মন্তব্য কৰে তেওঁ।

সাংবাদিকৰ আগত উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-'প্ৰতি বছৰে ৰাজ্যখনত প্ৰায় ১০হাজাৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আৰু সংবাদমাধ্যমে ইয়াৰমুল কাৰণ পথৰ দুৰাৱস্থা বুলি উল্লেখ কৰে, কিন্তু মই ভাবো যে, ইমানবোৰ পথ দুৰ্ঘটনাসংঘটিত হোৱাৰ কাৰণ সুচল বাট-পথহে।'

গোবিন্দ কৰজ'লে লগতে কয়- 'বেছিভাগ দুৰ্ঘটনাঘাইপথত সংঘটিত হয়। মই অধিক জৰিমনা বিহাক সমৰ্থন নকৰো। কেবিনেট বৈঠকৰ সময়ত আমি এইজৰিমনা হ্ৰাস কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লম।' উল্লেখ্য যে, কৰ্ণাটক, মহাৰাষ্ট্ৰ তথাগোৱাকে ধৰি কেইবাখনো বিজেপি শাসিত ৰাজ্যত নতুন যান-বাহন আইনৰ জৰিমনা হ্ৰাস কৰাৰসিদ্ধান্ত লোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in