চুৰিকাণ্ডত ব্যৱহাৰ কৰিলে গুগল মেপ, লুটিলে ১১ টা মন্দিৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেলৰ যুগ। ডিজিটেলৰ যুগত সলনি হৈছে সকলো। এতিয়া মানুহে কিছু কাম কৰিবলৈ ব্যৱহাৰ কৰে ইন্টাৰনেট। ১০ ঘণ্টাৰ কাম সমাপন কৰে মিনিটতে। কিন্তু এই প্ৰযুক্তিবিদ্যাক বহু সময়ত বহুলোকে অসৎ কামতো ব্যৱহাৰ কৰা দেখা যায়।

শেহতীয়াকৈ এনে এক ঘটনা ঘটিল কৰ্ণাটকৰ চামাৰাজানগৰ আৰু মহীষূৰত। গুগুল মেপ ব্যৱহাৰ কৰি চোৰে লুটি নিলে ১১ টা মন্দিৰৰ নগদ ধনৰ লগতে বহু সা-সামগ্ৰী। খবৰ অনুসৰি ৫জনীয়া এটা দলে গুগল মেপৰ সহায়ত কৰ্ণাটকৰ ভিন্ন ঠাইত অৱস্থিত মন্দিৰৰ স্থান নিৰ্ণয় কৰি লুটি নিয়ে নগদ প্ৰায় ৩ লাখ টকা।

ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰা তদন্তত জালত পৰে এই ৫জন চোৰ। সোধাপোচাৰ অন্তত এই চুৰিকাণ্ডত জড়িত কেইজনে স্বীকাৰ কৰে যে কি ধৰনে তেওলোকে সমাপন এই চুৰিকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in