বিসংগতিৰ মাজেৰে কৰিমগঞ্জত ৭২.৯৮ শতাংশ ভোটদানেৰে সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

বিসংগতিৰ মাজেৰে কৰিমগঞ্জত ৭২.৯৮ শতাংশ ভোটদানেৰে সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ ব্যাপক ই ভি এম বিসংগতিৰ মাজেৰে কৰিমগঞ্জত সম্পন্ন ভোট দান। ঠায়ে ঠায়ে উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে ভোটদানৰ পৰা বিৰত থাকি পুনৰ ভোটগ্ৰহণৰ দাবী তুলিলে একাংশ ভোটাৰে। জিলাখনৰ ১০৬৫টা ভোট গ্ৰহণ কেন্দ্ৰত পূৱা ৭বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ। যদিও ই ভি এম বিসংগতিৰ বাবে বহু ঠাইত পলমকৈ আৰম্ভ হয় ভোট গ্ৰহণ। একাংশ ভোটাৰৰ মতে পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাটো বি জে পিৰ চক্ৰান্ত। ভোটাৰে যাতে ভোট কমকৈ দিব পাৰে তা ৰবাবে এই চক্ৰান্ত বিজেপিয়ে কৰা বুলিও একাংশ লোকে অভিযোগ কৰে।

জিলাখনৰ ১০টা কেন্দ্ৰত ইভিএম মেচিন আৰু ১৫টা কেন্দ্ৰত ভি ভি পি এ টি বিকল হয়। কৰিমগঞ্জৰ ১৫২ আৰু ১৫৩ নম্বৰ ভোট কেন্দ্ৰ দুটাত  প'লিং আৰু প্ৰিজাইডিং বিষয়া আতৰাই নতুনকৈ বিষয়া নিয়োগ কৰি বিয়লি ৫ বজাৰ পৰা পুনৰ আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। একেদৰে ৮২৮ন্ং ডিমপূৰ প্ৰাথমিক বিদ্যালয়ৰ ৬৬নং কেন্দ্ৰতো দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ। অৱশ্যে, ১০৭নং তেছোৱা কেন্দ্ৰত ভোটাৰ তালিকাত থকা বিসংগতিৰ বাবে ভোট দানৰ পৰা বিৰত থাকে ভোটাৰ।

এই কেন্দ্ৰটোত এটাও ভোট কোনো লোকে দিয়া নাই। আ‌ৰু পুনৰ ভোটগ্ৰহণৰ বাবেও নিৰ্বাচনী আয়োগে অনুমতি দিয়া নাই। একেদৰে হাইলাকান্দি জিলাতো ই ভি এম বিসংগতিৰ বাবে সমস্যাই দেখা দিছে। বাতৰি লিখা সময়ৰলৈকে কোনো ধৰণৰ পুনৰ ভোট গ্ৰহণৰ ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইপিনে ৫৩ন্ং ভোট গ্ৰহণ কেন্দ্ৰত ৰিগিং কৰাৰ অভিযোগ কৰি এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমেদ খানৰ দেহৰক্ষী প্ৰত‍্যহাৰ কৰাৰ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in