উন্নয়ন-বিকাশে ঢুকি নোপোৱা কাৰ্বি পাহাৰৰ তাৰাপুং…

উন্নয়ন-বিকাশে ঢুকি নোপোৱা কাৰ্বি পাহাৰৰ তাৰাপুং…

ডিজিটেল সংবাদ, খেৰণিঃ উন্নয়ন আৰু বিকাশে আজিও স্পৰ্শ নকৰা কাৰ্বিআংলঙৰ এটা অঞ্চল। উন্নয়ন আৰু বিকাশৰ বিপৰীত দিশত অৱস্থান কৰা অথবা সম্পূৰ্ণ বিপৰীত মেৰুত গতি কৰা কাৰ্বি পাহাৰৰ সেই অঞ্চলটোৰ নাম হৈছে তাৰাপূং। অন্য দিশেৰে এই অঞ্চলটোৰ সন্দৰ্ভত অসমৰ অথবা কাৰ্বি আংলঙৰ বহুতো ৰাইজে নাজানে যদিও উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যে অঞ্চলটো পশ্চাদমুখী সেই কথা কিন্তু কাৰ্বি আংলঙৰ অধিকাংশ লোকেই জানে।

উল্লেখ্যযোগ্য যে, সৰ্বদিশৰ সমস্যাৰে জৰ্জৰিত হৈ অঞ্চলটোৰ ৰাইজৰ দুৰ্দশা, দুৰৱস্থা, অভাৱ, জীৱন নিৰ্বাহৰ বাবে কৰা উপায় অৱলম্বন আদিৰ দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৱেই ক্ষোভিত হৈ পৰিব আৰু খঙত সকলোৰে কঁপাল কোচ খাই উঠিব। বিপৰীতে অঞ্চলটোৰ ৰাইজৰ বাবে মনত পুতৌ জাগিব। হঠাৎ যদি কেতিয়াবা অঞ্চলটোৰ আলোকচিত্ৰ প্ৰত্যক্ষ কৰে তেতিয়া অনুভৱ হয় যে এইয়া কোনো নিৰ্মিত বোলছবি অথবা নিৰ্মানকাৰ্য চলি থকা বোলছবিৰ চিত্ৰগ্ৰহণৰ দৃশ্য। কিন্তু সেয়া নহয় এইয়া হৈছে কাৰ্বি পাহাৰৰ পৰিষদীয় নিলিপ সমষ্টিৰ তাঁৰাপুং অঞ্চলৰ তথা তাৰাপুঙৰ তাৰা-আজি নামৰ অঞ্চলটোত সহজলভ্যভাৱে দেখা পোৱা জীয়া বাস্তৱ ছবিৰ আলোকচিত্ৰ সেইবোৰ।

অঞ্চলটোৰ পৰিৱেশ-পৰিস্থিতি আৰু ৰাইজৰ অৱস্থা আদিৰ পৰাই অনুমেয় যে স্বাধীনতাৰ সত্তৰ বছৰ পাছত অথবা "সব কা সাথ, সব কা বিকাশ" বুলি পৰিৱৰ্তনৰ শ্লোগান দি থকা চৰকাৰৰ দিনতো তাঁৰাপুং অঞ্চলৰ ৰাইজে দুৰ্বিসহ অথবা অন্ধকাৰময় জীৱন কটাবলগীয়া হৈছে বুলি। অঞ্চলটোৰ অধিকাংশই হয়তো নাজানে উন্নয়ন আৰু বিকাশ কি? অতি পুতৌজনক আৰু দুখজনক, অঞ্চলটোত গাড়ীৰে নহয়, ৰাইজে পেট্ৰলবিহীন বাহনেৰে কঢ়িয়াই প্ৰয়োজনীয় বয়বস্তু অৰ্থাৎ ঘোঁৰাৰ পিঠিত বোজা বান্ধি কঢ়িয়াই লাগতিয়াল সা-সামগ্ৰী।

ৰোগীক ইঞ্জিনবিহীন এম্বুলেন্সৰে নিয়ে চিকিৎসালয়লৈ অৰ্থাৎ বাঁহত জুলুঙা বান্ধি কান্ধেৰে চিকিৎসালয়লৈ নিয়ে ৰোগাক্ৰান্ত ৰোগীক অঞ্চলটোৰ লোকসকলে। মুঠতে অঞ্চলটোত নাই সু-বাটপথ, নাই যাতায়ত। আনকি অঞ্চলটোত নাই চিকিৎসালয়, নাই বিদ্যুৎ সুবিধা, নাই হেনো প্ৰয়োজনীয় বিদ্যালয়ও। অঞ্চলটোৰ সন্দৰ্ভত আৰু অঞ্চলটোৰ এই কথাবোৰ ইতিমধ্যে চচিয়েল মেডিয়াযোগে প্ৰকাশ কৰিছে তাঁৰাপুং অঞ্চলৰে এজন সচেতন স্থানীয় যুৱকে। আৰু এনেদৰে অঞ্চলটোৰ বিষয়ে চচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই পাহাৰীয়া জিলাখনত অঞ্চলটোৰ দুৰৱস্থাৰ ছবিয়ে সচেতন ৰাইজৰ চকু কঁপালত তুলিছে।

তদুপৰি যুৱকজনে ছ'চিয়েল মেডিয়াত প্ৰকাশ কৰা তাঁৰাপুং অঞ্চলৰ দুৰৱস্থাৰ দৃশ্যসমূহ আৰু বিষয়সমূহ শ্বেয়াৰ কৰিবলৈও চচিয়েল মেডিয়াযোগে ৰাইজক আহ্বান জনাইছে, যাতে চৰকাৰৰ দৃষ্টিগোচৰ হওঁক অঞ্চলটোৰ দুৰৱস্থাৰ ছবিসমূহৰ ওপৰত। এতিয়া প্রশ্ন হ'ল যুৱকজনৰ এই প্ৰচেষ্টাই ভুক্তভোগী ৰাইজৰ বাবে কিবা সুফল আনিব পাৰিবনে ? দুৰ্বিসহ অথবা অন্ধকাৰময় জীৱন কটাবলগীয়া হোৱা ৰাইজৰ এনে দুৰৱস্থাৰ প্ৰতি ৰাজ্য চৰকাৰ অথবা কাৰ্বি পৰিষদীয় চৰকাৰৰ দৃষ্টিগোচৰ হবনে? সেয়াও এতিয়া সৰ্বত্ৰে এক ডাঙৰ আৰু জটিল প্ৰশ্ন  হৈ উঠিছে সচেতন মহলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in