কাৰ্বি আংলঙত অব্যাহত কয়লাৰ চোৰাং ব্যৱসায়, আৰক্ষীৰ জালত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক…

কাৰ্বি আংলঙত অব্যাহত কয়লাৰ চোৰাং ব্যৱসায়, আৰক্ষীৰ জালত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক…

ডিজিটেল সংবাদ, বোকাজানঃ যি সময়ত অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সৰ্বত্ৰে চৰ্চা হৈ আহিছে, সেই সময়ত কিন্তু পাৰ্বত্য জিলা কাৰ্বি আংলঙত অব্যাহত আছে বিভিন্ন অবৈধ ব্যৱসায়৷ বিশেষকৈ উচ্চতম ন্যায়লয়ৰ নিশেধাজ্ঞাৰ পাছতো জিলাখনৰ বিভিন্ন স্থানত অব্যাহত আছে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ ৷

জিলাখনৰ ডিলাই , বকলীয়া,মাঞ্জা,চিলনীজান,আপাৰ দেওপানী ,কয়লামাটিত এতিয়াও কৌশলেৰে চলি আছে কয়লাৰ অবৈধ ব্যৱসায় ৷ বোকাজান আৰক্ষীৰ হাতত শুকুৰবাৰে নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ হোৱা দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাকেই জিলাখনত যে প্ৰশাসনৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক অংগুষ্ঠ প্ৰদৰ্শন কৰি কয়লাৰ অবৈধ বেহা মুক্তভাৱে চলাই আছে সেয়া প্ৰমাণ কৰিছে ৷

এন এল০১ চি ০১০৭ আৰু এন এল০১ কিউ ৯৪৩৯ নম্বৰৰ ট্ৰাক দুখনে চিলনীজানৰ পৰা ডিমাপুৰলৈ কয়লা বোজাই আহি থাকোতেই বোকাজান আৰক্ষীৰ জালত পৰে৷ ট্ৰাক দুখনৰ চালকে বোজাই কৰা কয়লাৰ কোনো বৈধ নথি পত্ৰ আৰক্ষীক দেখুৱাব নোৱাৰাত ট্ৰাক দুখন বোকাজান থানালৈ লৈ যায়৷

উল্লেখযোগ্য যে ১২ জুলাইত খনিজ মন্ত্ৰী চুম ৰংহাং আৰু বোকাজানৰ বিধায়ক নোমল মমিনে চিলনীজানৰ কয়লামাটিৰ কয়লা খনন কৰা অঞ্চল পৰিদৰ্শন কৰি সেই খনন অবৈধ বুলি কোৱাৰ লগতে বোকাজাজানৰ বিধায়ক নোমল মমিনে বিগত বছৰত প্ৰত্যক্ষভাৱে গোলাঘাটৰ এটা সাংবাদিকৰ দল লগত লৈ চিলনীজানৰ অবৈধ খননৰ বাতৰি পৰিৱেশন কৰিছিল যদিও বন্ধ হোৱা নাই অবৈধ কয়লা ব্যৱসায়ীৰ দপদপনি ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in