কাৰ্বি আংলঙত প্ৰায় ২৫ লাখ টক মূল্যৰ ব্ৰাউন চুগাৰ জব্দ…

কাৰ্বি আংলঙত প্ৰায় ২৫ লাখ টক মূল্যৰ ব্ৰাউন চুগাৰ জব্দ…

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানাৰ নাকাবন্দীত উদ্ধাৰ হৈছে প্ৰায় ২৫ লাখতকৈও অধিক মূল্যৰ ৬৪৯ গ্ৰাম ব্ৰাউন চুগাৰ। ডিমাপুৰৰ পৰা এএছ০২ বিচি ৭৮৬৬ নম্বৰৰ এখন বলেৰ পিকাপত আনিছিল ব্ৰাউন চুগাৰ খিনি।

৫২ টা চাবোনৰ বাকচত ভৰাই সৰবৰাহৰ চেষ্টা চলাইছিল ব্ৰাউন চুগাৰখিনি। ঘটনাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডিলাই আৰক্ষী। ধৃত মইনুল হক আৰু আলি হুছেিনৰ ঘৰ হোজাই জিলাৰ যমুনামুখত। জানিব পৰামতে উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ খিনি ডিমাপুৰৰ পৰা হোজাইৰ ডবকালৈ সৰবৰাহ কৰিছিল।

মঙ্গলবাৰে নিশা এক বিশেষ সুত্ৰৰ পম খেদি লাহৰিজান এছ আই চিত্ৰৰঞ্জন বৰুৱা, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডীলাই ভাৰপ্ৰাত্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে অভিযান চলাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাকাবন্দীত জব্দ কৰে ব্ৰাউন চুগাৰখিনি। ইতিমধ্যে অধিক তথ্যৰ বাবে দুই আভিযুক্তক তদন্ত অব্যাহত ৰাখিছে ডিলাই আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in