কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ আৰক্ষীৰ নাকা বন্দীত উদ্ধাৰ ৩ কেজি হেৰইন, আটক ২

কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ আৰক্ষীৰ নাকা বন্দীত উদ্ধাৰ ৩ কেজি হেৰইন, আটক ২

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা। লাহৰিজান আৰক্ষীৰ বিশেষ নাকাবন্দীত উদ্ধাৰ উদ্ধাৰ কৰা হয় ৩ কেজি হিৰইন। চুবুৰীয়া ৰাজ্য ইম্ফলৰ পৰা AS 04 AC 5213 নম্বৰৰ এখন ট্ৰাকত আনিছিল হিৰইনখিনি।

জব্দকৃত হেৰইন খিনিৰ বজাৰ মূল্য প্ৰায় ২১ কোটি টকা। ঘটনাৰ সৈতে জড়িত ট্ৰাক চালক ৰামে গুৰুং(২৭) আৰু হেণ্ডিমেম ভীম গুৰুং(৩৩)ক ডিলাই আৰক্ষীয়ে আটক কৰিছে।উল্লেখযোগ্য যে অসমত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা।

নিতৌ ৩৯, ৩৬, ৬১, ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰে বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী। ইতিমধ্যে কাৰ্বি আংলং ড্ৰাগ বিৰোধী অভিযানৰ বাবে আৰক্ষীয়ে গঠন কৰিছে বিশেষ দল। এই কথা সদৰী কৰে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in