ডায়েৰীৰ পাতত কৰৱীৰ আত্মহত্যাৰ টোকা, চূড়ান্ত নিৰ্যাতন চলাইছিল প্ৰেমিক ৰিতুৱে

ডায়েৰীৰ পাতত কৰৱীৰ আত্মহত্যাৰ টোকা, চূড়ান্ত নিৰ্যাতন চলাইছিল প্ৰেমিক ৰিতুৱে

ডিজিটেল ডেস্কঃ মহানগৰীৰ শ্ৰীমন্তপুৰৰ প্ৰেমিকৰ ভাড়াঘৰত আত্মহত্যা কৰিছিল গায়িকা কৰৱী দাসে। কৰৱী দাসৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈ থকা সময়তে আৰক্ষীয়ে উদ্ধাৰ কৰা তেওঁৰ ডায়েৰীত এই আত্মহত্যা সন্দৰ্ভত বহু তথ্য লাভ কৰিছে।

ডায়েৰীৰ এটা পৃষ্ঠাত কৰৱী দাসে প্ৰেমিক ৰিতুপৰ্ণ দাসৰ সন্দৰ্ভত লিখিছিল- 'মোক ৰিতুৱে প্ৰায়ে হাত উঠায়। বেয়া বেয়াকৈ কৈ গালি পাৰে, মোক অপমান কৰে। মই নগ'লেও মোৰ ঘৰত আহি ৰাতি মদ খাই অত্যাচাৰ কৰে, বস্তু ভাঙে। মই চিঞৰিলে মোৰ মুখত টেপা মাৰি ধৰে। মূৰত মাৰে, গালত চৰ মাৰে আৰু চোঁচৰাই লৈ মাৰে। মই বহুত কষ্ট পাও। ঘৰত ক'লে মা হঁতে দুখ পাব বুলি কাকো নকও। কাৰণ দেউতা ঢুকোৱা বেছি মাহ হোৱা নাছিল। মোক কোনোবাই ফোন কৰিলেও সন্দেহ কৰা হ'ল। মই মানসিকভাৱে ভাগি পৰিছিলো। লাহে লাহে যেন মোৰ সৱ শেষ হৈ থাকিল…।'

কৰৱীয়ে এইদৰে লিখিছিল মৃত্যুৰ কাৰণ। ইতিমধ্যে আৰক্ষীয়ে কৰৱী দাসৰ প্ৰেমিক গড়কাপ্তানী বিভাগৰ কনিষ্ঠ অভিযন্তা ৰিতুপৰ্ণ দাসক গ্ৰেপ্তাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in