ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO

ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কপিলীৰ ৰুদ্ৰ ৰূপ৷ নিশাৰ ভিতৰতে কপিলীৰ বাঢ়নী পানীয়ে পুনৰ ছিঙি নিলে দুটাকৈ মাথাউৰি৷ কামপুৰ বাৰেগোগা মাথাউৰি ওপৰেৰে বৈছে পানী। যিকোনো সময়ত ছিঙি যাব পাৰে মাথাউৰিটো। পটীয়াপাম আৰু গুইমাৰীত ছিঙি নিলে মাথাউৰি।

চাংচকীত মাথাউৰি ওপৰৰে পানী বাগৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন৷ বাসগৃহৰ ভিতৰে বাহিৰে কেৱল পানী৷ ইতিমধ্যে ২০ খনৰো অধিক গাঁও প্লাৱিত৷ বকুলগুৰিতো অবৰ্ণনীয় পৰিস্থিতি৷

https://www.facebook.com/asomiya.pratidin/videos/174668017305074/

হাহাকাৰ বৰ্ণ্যাতৰ মাজত৷ কামপুৰ নগৰৰ ৪ আৰু ২ নম্বৰ ৱাৰ্ড পানীৰ তলত। বৰ্তমান কামপুৰত ৭৩ মিটাৰ ওপৰৰে পানী বৈ আছে তিনিটা ব্যস্ত পথৰে যাতায়ত ব্যাহত। কামপুৰ-ৰহা, কামপুৰ-যমুনামুখ, কামপুৰ-পশ্চিম কাৰ্বি আংলং পথৰ ওপৰেৰে বৈছে কপিলিৰ পানী। কামপুৰ-যমুনামুখ পথৰ মেধিগাঁৱত বৃহৎ অংশ খহাই নিয়ে পানীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in