কনিকাৰ সংস্পৰ্শলৈ অহা ২৬৬জনৰ কোৰোনাৰ পৰীক্ষাঃ ৬০জনৰ দেহত নাই ভাইৰাছ, আন…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় কন্ঠশিল্পী কনিকা কাপুৰৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তৃতীয়বাৰলৈ তেওঁৰ পৰীক্ষা কৰাৰ পাছত পুনৰ এই ভাইৰাছৰ উপস্থিতি ধৰা কথা ছ'চিয়েল মিডিয়াযোগে জনালে খোদ কনিকা কাপুৰে। ইফালে, লণ্ডনৰ পৰা অহাৰ পাছত কন্ঠশিল্পীগৰাকীৰ সংস্পৰ্শলৈ অহা ২৬৬জন লোকৰ পৰীক্ষাৰ ফলাফল লাভ কৰা হৈছে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰঅনুসৰি, কনিকা কাপুৰৰ সংস্পৰ্শলৈ অহা ২৬৬জন লোকৰ ভিতৰত ৬০জনৰ দেহত কোৰোনা ভাইৰাছনিগেটিভ পোৱা গৈছে।অৰ্থাৎ এই ৬০জন লোক আক্ৰান্ত হোৱা নাই কোৰোনা ভাইৰাছত। উল্লেখ্যযে, ৯ মাৰ্চ, ২০২০ত লণ্ডনৰ পৰা মুম্বাইত আহি উপস্থিত হৈছিলহি বলিউডৰকন্ঠশিল্পীগৰাকী।তাৰপাছত তেওঁ লক্ষ্ণৌৰ বাসগৃহলৈ যোৱাৰ লগতে পঞ্চতাৰকাযুক্ত হোটেলতপাৰ্টিতো উপস্থিত থাকে।

ইফালে, এই সন্দৰ্ভত এগৰাকীবিষয়াই কয় যে, 'আমি কনিকা কাপুৰৰ সংস্পৰ্শলৈ অহা ২৬৬জন লোকৰ পৰীক্ষা কৰিছো। ইয়াৰেভিতৰত কেইজনমান নেতাৰো পৰীক্ষা কৰা হৈছে। আৰু ৬০ জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱানাই। মই নাভাবো যে তেওঁৰ সংস্পৰ্শলৈ অহা আন কোনো লোকৰ পৰীক্ষা আৰু কৰিব লাগিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in