শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

‘কা’ৰ বিৰুদ্ধে ১২ অক্টোবৰত আছু-৩০ জনগোষ্ঠীয় সংগঠনৰ মানৱ শৃংখল…

138

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠী সংগঠনৰ আহ্বানত অহা ১২ অক্টোবৰত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হ’ব গুৱাহাটী মহানগৰীত। ‘কা’ আৰু পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা-২০২০ বাতিল, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰীকৰণ আৰু বাঘজানৰ তৈলখাদৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সংস্থাপন তথা সাহায্য প্ৰদানৰ দাবীত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

ইফালে, এই মানৱ শৃংখল কাৰ্যসূচীক লৈ আলোচনাৰ বাবে শনিবাৰে বিয়লি ৫ বজাত শ্বহীদ ভৱন ন্যাসত সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ এক সভা অনুষ্ঠিত হয়। সভাত গুৱাহাটী ক্লাৱত সোমবাৰে দিনৰ ১০ বজাৰ পৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্দান্ত লোৱা বুলি সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ সভাপতি কুশ ৰংপি আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে প্ৰেছবিবৃতি যোগে সদৰী কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি