সাংবাদিক হত্যাঃ প্ৰথমবাৰলৈ অভিযুক্তক শাস্তি বিহিলে ন্যায়ালয়ে

সাংবাদিক হত্যাঃ প্ৰথমবাৰলৈ অভিযুক্তক শাস্তি বিহিলে ন্যায়ালয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ তেৰ বছৰীয়া আইনী যুঁজত অৱশেষত জয়লাভ কৰিলে শুৱালকুছিৰ 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক কনক ৰাজমেধিৰ পৰিয়ালে। যোৱা বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্য জিলাৰ সত্ৰ ন্যায়াধীশ এ এফ এ বৰাৰ আদালতে কনক ৰাজমেধিক মানসিক হেঁচাৰে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য কৰোৱা বুলি অভিযুক্ত ৯জনক শুৱালকুছি থানাৰ ৮৪/২০০৫ নম্বৰৰ গোচৰত দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত ৩ বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহে।

অৱশ্যে, অভিযুক্ত কেইজনৰ ভিতৰৰে ইতিমধ্যে মৃত্যু হোৱা হেমেন কলিতা, ৰমেন দাস আৰু হীৰা কলিতাৰ নাম গোচৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ বিপৰীতে আন ৬জন ক্ৰমে সনক বৈশ্য, নিৰোদ ডেকা, নিতুল মেধি, শৰৎ ডেকা আৰু ধীৰাজ বৈশ্যক ৩০ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ সুযোগ প্ৰদান কৰি জামিনত যাবলৈ দিয়ে। সেয়ে হ'লেও ৰাজ্যৰ ৩২ গৰাকীকৈ সাংবাদিক হত্যাৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াত প্ৰথমবাৰলৈ ন্যায়ালয়ে এনদৰে শাস্তি প্ৰদান কৰি কনক ৰাজমেধিৰ গোচৰত এক নজিৰ সৃষ্টি কৰিলে।

ইতিপূৰ্বে কুনৰমল আগৰৱালা, পৰাগ দাস, প্ৰহ্লাদ গোৱালা, কমলা শইকীয়া, অনিল মজুমদাৰকে ধৰি প্ৰায় ৩২ জন সাংবাদিক হত্যাৰ বলি হৈছে যদিও যোৱা কুৰি বছৰত সংঘটিত এই হত্যাকাণ্ড সন্দৰ্ভত ন্যায়ালয়ে কোনো এজন অপৰাধীকে শাস্তি বিহিবলৈ সক্ষম হোৱা নাই। বৰং ভালেকেইটা গোচৰত নিম্ন আদালতে তথ্য প্ৰমাণৰ অভাৱত দোষীক খালাছ দিছে। সেয়ে পোনপটীয়া হত্যাকাণ্ড নহ'লেও কনক ৰাজমেধিক তীব্ৰ মানসিক চাপ প্ৰয়োগেৰে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য কৰোৱা অপৰাধীৰ শাস্তি বিচাৰি আদালতত সুদীৰ্ঘ কাল গোচৰ চলোৱা তেওঁৰ পৰিয়ালৰ লগতে সাংবাদিক মহলেও কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়ক লৈ অতিকৈ সুখী।

প্ৰণিধানযোগ্য যে, এটি সংগঠনৰ নামত সংঘৱদ্ধ একাংশ লোকে চলোৱা তীব্ৰ মানসিক নিৰ্যাতনৰ লগতে পৰিয়ালৰ বাসভৱনৰ ওপৰতো সময়ে সময়ে লুকাই-চুৰকৈ আক্ৰমণ চলোৱাৰ পৰিণতিতে জীয়াই থকাৰ ইচ্ছা পৰিহাৰ কৰি ২০০৫ চনৰ ২৭ অক্টোবৰ তাৰিখে সন্ধিয়া ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য হৈছিল উদীয়মান সাংবাদিকগৰাকীয়ে। তেওঁৰ মৃতদেহ ২৯ অক্টোবৰৰ দিনা শুৱালকুছিৰে চাৰিখুঁটা ঘাটত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

ইফালে, আত্মহননৰ পূৰ্বে লিখি থৈ যোৱা ছুইচাইড নোটত সাংবাদিক ৰাজমেধিয়ে উক্ত ৯জন লোকৰ নাম উল্লেখ কৰি তেওঁলোকৰ ধাৰাবাহিক মানসিক হেঁচাৰ বাবেই জীয়াই থকাৰ ইচ্ছা পৰিহাৰ কৰি তেওঁ আত্মহননৰ পথ বাছি ল'বলগীয়া হ'ল বুলি স্পষ্ট অভিযোগ তুলিছিল। এই পত্ৰৰ ভিত্তিতে তেওঁৰ জ্যেষ্ঠ ভাতৃ দীপক ৰাজমেধিয়ে শুৱালকুছি থানাত এক গোচৰ ৰুজু কৰিছিল যদিও উক্ত লোকসকল ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱা বাবে ৰাইজৰ তীব্ৰ আন্দোলন সত্বেও প্ৰথম অৱস্থাত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত থমকি ৰ'বলগীয়া হয়।

অৱশ্যে, পৰৱৰ্তী সময়ত উক্ত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে আদালতৰ জৰিয়তে জামিন লাভ কৰে। ইয়াৰ প্ৰায় ১০ বছৰ পিছতহে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আদালতে ৰুজু কৰা ৪৪/১৪ নম্বৰৰ গোচৰৰ বিচাৰ আৰম্ভ কৰাৰ ৩ বছৰ পিছত সত্ৰ ন্যায়াধীশ এ এফ এ বৰাৰ আদালতে বৃহস্পতিবাৰে অভিযুক্তৰ তালিকাৰ ৬জনক তিনি বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ বিপৰীতে ইতিমধ্যে মৃত্যু হোৱা ৩জনৰ নাম অভিযুক্তৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰে।

অসমৰ সংবাদ ক্ষেত্ৰৰ সক্ৰিয় সাংবাদিক সংগঠনসমূহে দীৰ্ঘদিন ধৰি নিহত সাংবাদিক হত্যাৰ বিচাৰ বিচাৰি অব্যাহত ৰখা আন্দোলনৰ অন্তত সম্পূৰ্ণ পাৰিবাৰিক প্ৰচেষ্টাত হ'লেও কনক ৰাজমেধিৰ আত্মহননৰ ঘটনা সন্দৰ্ভত দোষীক শাস্তি প্ৰদানৰ এই ৰায়ে সংবাদ মহলক সামান্যভাৱে হ'লেও আশ্বস্ত কৰিছে। ইয়াৰ বাবে কামৰূপ গ্ৰাম্য সত্ৰ ন্যায়াধীশৰ আদালতৰ শলাগ লোৱাৰ উপৰি অন্যান্য সাংবাদিক হত্যাৰ গোচৰৰ বিচাৰ ত্বৰান্বিত কৰাৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in