বকোত কামৰূপ জিলা উশ্বু চেম্পিয়নশ্বিপ- ২০২২…

বকোত কামৰূপ জিলা উশ্বু চেম্পিয়নশ্বিপ- ২০২২…

ডিজিটেল সংবাদ ছমৰীয়া: কামৰূপ জিলাৰ উশ্বু এচ'ছিয়েচনে বকোস্থিত বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজন কৰিছে উশ্বু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ বকোত আয়োজন কৰা হৈছে প্ৰতিযোগিতা খনি।

কামৰূপ জিলা উশ্বু এচ'ছিয়েচনৰ সভাপতি নিত্যানন্দ বিয়োগী আৰু সম্পাদক দূৰ্গেশ্বৰ ৰাভাই জনোৱা অনুসৰি কামৰূপ জিলা উশ্বু সন্থাৰ উদ্যোগত এই বেলি ১৫ সংখ্যক বৰ্ষৰ চাব জুনিয়ৰ,জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতাখন অনুস্থিত কৰা হৈছে।

বৃহস্পতিবাৰে আবেলি সভাপতি নিত্যানন্দ বিয়োগীয়ে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা খেল খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ নাথে।জানিব পৰা মতে জিলা খনৰ বহু স্থানৰ খেলুৱৈয়ে আহি অংশগ্ৰহণ কৰিছে এই খেলখনত।

আজি এই খেলৰ প্ৰদৰ্শন কৰা হয় আৰু কাইলৈ পুৱাৰে পৰা প্ৰতিদ্বন্দিতা মূলক প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।যুৱ প্ৰতিভাৰ খেলুৱৈৰ ভৱিষ্যত উজ্বল কামনা কৰি দুদিনীয়াকৈ আয়োজন কৰা এই খেলখনত ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in