বকোত বানঃ টুলুঙা নাৱেৰে পাৰ হৈছে ছমৰীয়া সত্ৰ- তাৰাবাৰী বজাৰ সংযোগী পথ…

বকোত বানঃ টুলুঙা নাৱেৰে পাৰ হৈছে ছমৰীয়া সত্ৰ- তাৰাবাৰী বজাৰ সংযোগী পথ…

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোৰ বিভিন্ন ঠাই বানপানীত ডুব গৈছে । জানিবপৰা মতে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ আশে-পাশে থকা বিভিন্ন গাঁও বোৰত হোৱা বানপানীৰ ফলত বাট-পথ , ঘৰ-দুৱাৰ পানীত ডুব গৈছে ।

বিশেষকৈ ছমৰীয়া সত্ৰৰ পৰা সপ্তাহিক দেওবৰীয়া তাৰাবাৰী বজাৰ সংযোগী গড়কাপ্তানী পথটো সম্প্ৰতি পানীৰ তলত ডুবিছে। পানীত ডুব যোৱা পথটোৰে অঞ্চলবাসী ৰাইজে ধন খৰছ কৰি টুলুঙা নাৱেৰে বিপদসংকুল যাতায়ত কৰিব লগা হৈছে। ছমৰীয়া সত্ৰৰ সমীপত থকা মৌখোৱা, চাকলা আদি গাঁৱৰ বহু কেইটা পৰিয়ালৰ ঘৰ-দুৱাৰ পানীৰ তলত আছে।

গাঁৱখনৰ বাসিন্দাই টুলুঙা নাৱেৰে ইফালে-সিফালে যাতায়ত কৰিব লগীয়া হৈছে । চাকলা গাঁৱবাসী আৰু চাকলা খেতিপথাৰৰ বিস্তীৰ্ণ এলেকা যোৱা পাঁচদিন ধৰি বানপানীৰ তলত আছে।গাঁওখনৰ কৃষক ৰাইজে পথাৰখনৰ ধানখেতি সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাৰ শংকা কৰিছে । আনহাতে পূৰ্বৰ পাঁচ দিনতকৈ মঙ্গলবাৰে বানপানী অধিক বাঢ়িছেহে বুলি কৃষক ৰাইজে দাবী কৰিছে। ইমান দিনে পানীৰ বাবে হাহাকাৰ কৰি থকা খেতিপথাৰ আৰু গাঁওবোৰত ক্ৰমান্বয়ে বানপানী বাঢ়ি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in