/asomiyapratidin/media/media_files/2026/01/16/1-2026-01-16-10-28-52.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনে তিৱা জাতিৰ স্বাৰ্থত কাম কৰি অহা সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ বাৰ্ষিক অধিৱেশন এইবেলি কামপুৰৰ গ্ৰাণ্ট গাঁৱত অনুষ্ঠিত হ'ব । অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্টৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুঁটা পহিলা মাঘত ধৰ্মীয় পৰম্পৰা মাজৰে বিভিন্ন জনগোষ্ঠীয় লোকৰ উপস্থিতিত স্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/a1d97ddd-654.png)
লাইখুঁটা স্থাপন কৰে কাৰ্যকৰী সভাপতি কল্যান ৰাজখোৱাই।অনুষ্ঠানটোত তিৱা লোক সকলৰ পৰম্পৰা অনুসৰি ধৰ্মীয় ৰীতি অনুসৰি কঠীয়াতলী নামবৰ লালুং গাঁৱৰ মূল মূৰব্বী পুৰোহিত ল'ৰ আৰু সাদাৰী চাংদলৰ মন্ত্ৰপাঠৰ মাজৰে পূজা -পাৰ্বন আৰু তিৱা নৃত্যৰ লগতে তিৱা সকলৰ জাতীয় সংগীত পৰিবেশন কৰা হয়।অনুষ্ঠানটোত উপস্থিত থাকে সদৌ তিৱা সন্থাৰ সভাপতি-সম্পাদককে ধৰি নেতৃবৃন্দ আৰু কঠীয়াতলী আৰু কামপুৰত অৱস্থিত তিৱা ৰাইজৰ সহযোগত লাইখুঁটা স্থাপন কৰে। ইপিনে দুদিনীয়াকৈ হ'ব লগা অধিৱেশনৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তুৰ পৰা সমবেত হ'ব লগা প্ৰায় বিশ হাজাৰ লোকক আদৰিবলৈ প্ৰস্তুতি চলাইছে গ্ৰাণ্ট গাঁৱৰ ৰাইজৰ লগতে উদযাপন সমিতিয়ে।
/asomiyapratidin/media/post_attachments/37171422-c97.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us