‘আমাক চাউল দিয়ক’ শ্ল’গানেৰে উত্তাল কামপুৰ

‘আমাক চাউল দিয়ক’ শ্ল’গানেৰে উত্তাল কামপুৰ

ডিজিটেল সংবাদ, কামপুৰঃ চাউলক লৈ কৰা প্ৰতিবাদত মঙলবাৰে উত্তপ্ত হৈ পৰে নগাঁও জিলাৰ কামপুৰ। নীতি বৰ্হিভূতভাৱে খাদ্য সুৰক্ষা আঁচনিৰ চাউল বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিত একাংশ হিতাধিকাৰীয়ে আমাক চাউল দিয়ক, আমাক চাউল লাগিবই আদি শ্ল'গানেৰে উত্তাল কৰি তোলে কামপুৰ সমবায় সমিতিৰ চৌহদ।

ধন দিলেহে চৰকাৰী চাউল লাভ কৰে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। ধন সংগ্ৰহৰ সৈতে যোগান পৰিৰ্দশক জড়িত হৈ থকাৰো অভিযোগ তোলে ক্ষুব্ধ হিতাধিকাৰীসকলে।

প্ৰতিবাদ সাব্যস্ত কৰা হিতাধিকাৰীসকলে স্পষ্টকৈ কয় যে সমবায় সমিতিৰ প্ৰৱন হাজৰিকা নামৰ সদস্যজনক ধন দিলেহে চাউল পোৱা যায়। ধনৰ বিনিময়ত যিকোনো লোককে কাৰ্ড দিয়াৰ অভিযোগো উত্থাপন কৰে সদস্যজনৰ বিৰুদ্ধে।

ক্ষুব্ধ হিতাধিকাৰীসকলৰ এনে প্ৰতিবাদত সেও মানি অৱশেষত যোগান পৰিদৰ্শকে চাউল বিতৰণৰ নিৰ্দেশ দিবলৈ বাধ্য হৈ পৰে। চাউল বিতৰণৰ নিৰ্দেশ দিয়াৰ পিছতহে পৰিস্থিতি শান্ত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in