গুডামঘৰলৈ পৰিণত চৰকাৰী কাৰ্যালয় , ২০১১ চনতে বিদ্যালয়ত বিতৰণ কৰিবলৈ অনা ফিল্টাৰ আজিও পৰি থাকিল জনস্বাস্থ্য বিভাগৰ কাৰ্যালয়ত, VIDEO

গুডামঘৰলৈ পৰিণত চৰকাৰী কাৰ্যালয় , ২০১১ চনতে বিদ্যালয়ত বিতৰণ কৰিবলৈ অনা ফিল্টাৰ আজিও পৰি থাকিল জনস্বাস্থ্য বিভাগৰ কাৰ্যালয়ত, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ এফালে দূষিত পানী খায় ফ্ল'ৰাইডত আক্ৰান্ত হৈছে বহুলোক। আনফালে বিশুদ্ধ পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰহসন। নগাওঁ আৰু হোজাই জিলাত ফ্ল'ৰাইডে ভয়াবহ ৰূপ লোৱাৰ সময়তে নগাওঁ জিলাৰ কঠিয়াতলীৰ জনস্বাস্ব্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰটোৰ দুৰৱস্থা চাওক।

জানিব পৰা মতে, ২০১১ চনত স্থাপিত পৰীক্ষাগাৰটোত নাই কোনো কৰ্মচাৰী। যাৰ কাৰণে বৰ্তমান পাকঘৰলৈ পৰিণত হৈছে। আনফালে পৰীক্ষাগাৰটোৰ আন এটা কোঠালীত বিভিন্ন বিদ্যালয়ত বিতৰণৰ বাবে ২০১১ চনতে মজুত ৰখা শ শ ফিল্টাৰ আজিও বিতৰণ নোহোৱাকৈ পৰি আছে।

ইফালে ২০১২ চনৰ ২৮ ডিচেম্বৰত অনুমোদন পোৱা হোজাই জিলাৰ অতিকে ফ্ল'ৰাইড আক্ৰান্ত দীঘল জাৰণি আৰু তপতজুৰি পানীযোগান আঁচনিখনৰ পৰা আজিও জনসাধাৰণে ফ্ল'ৰাইড মুক্ত পানী খাবলৈ নাপালে।

৯৭২.৫৫ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখন এতিয়া হাবি জংঘলৰে ভৰি পৰা লগতে স্থানীয় লোকৰ ধান থোৱা ভড়ালত পৰিণত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in