কৃষক মুক্তি সংগ্ৰাম সমিতি কামপুৰ আঞ্চলিকৰ উদ্যোগত ১৪তম প্ৰতিষ্ঠা দিৱস উদযাপন… VIDEO

কৃষক মুক্তি সংগ্ৰাম সমিতি কামপুৰ আঞ্চলিকৰ উদ্যোগত ১৪তম প্ৰতিষ্ঠা দিৱস উদযাপন… VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতি, কামপুৰ আঞ্চলিকৰ উদ্যোগত শনিবাৰে কামপুৰত থকা স্থায়ী কাৰ্যালয়ৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে ১৪তম প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে কামপুৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি নৰেণ হাজৰিকা দেৱে আৰু শ্বহীদ তৰ্পণ কৰে বৰবিল আঞ্চলিকৰ সভাপতি উমা দাসে।

ইয়াৰ পিছত অনুষ্ঠিত হোৱা সভাত উপষ্ঠিত থকা কৃষক সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিশ্লেষণাত্মক ব্যক্তব্য প্ৰদান কৰে আৰু কৃষকৰ মাটিৰ পট্টা, বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান, বৃহৎ নদীবান্ধ বন্ধ আৰু অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক এই মঞ্চৰ পৰাই দাবী জনায়।

সভাত উপস্থিত থকা সংগঠনটোৰ নগাঁও জিলাৰ সম্পাদক স্বপন হাজৰীকাই জলন্ত সমস্যাৰে জৰ্জৰিত অসমৰ কৃষক সকলক ৰাজ্য চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰবঞ্চনাৰ বাবে চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

সভাত উপস্থিত থাকি কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিলমণি শইকীয়াই কৃষক মুক্তিয়ে অসমৰ লাঞ্চিত বঞ্চিত কৃষক সকলৰ স্বাৰ্থত সংগঠনটোয়ে জন্ম-লগ্নৰে পৰা কৰি অহা সংগ্ৰামৰ বিষয়ে বিস্তৃত ভাৱে ব্যক্তব্য প্ৰদান কৰে। শনিবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকি কামপুৰ আঞ্চলিকৰ সভাপতি হোমেশ্বৰ পাঠক, সম্পাদক ৰঞ্জিত ডেকাই ব্যক্তব্য প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in