শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

বান সাহাৰ্য্যক কেন্দ্ৰ কৰি কামপুৰত তীব্ৰ উত্তেজনা, পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী-প্ৰশাসন…

60

ডিজিটেল সংবাদ, কামপুৰঃ বান সাহাৰ্য বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাক কেন্দ্ৰ কৰি কামপুৰৰ কুঁৱৰীআটি আদৰ্শ গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বন্যাৰ্তৰ অভিযোগ বান সাহাৰ্যৰ বাবে অহা ২৪ বেগ চাউলৰ দুবেগ চাউল বন্যাৰ্তৰ মাজত ভগাই দি বাকী চাউল নভগোৱাকৈ ৱাৰ্ড মেম্বাৰ যাদৱ বৰা, গাঁওবুঢ়া তৰণ লস্কৰ আৰু লাট মণ্ডল লক্ষ্যজ্যোতি দলৈয়ে চাউল খিনি কুঁৱৰী আটি গাঁৱৰ সুলভ মূল্যৰ দোকানী জিতেন লস্কৰৰ দোকানৰ গুডামত সোমোৱাই থয়।

এই খবৰ পোৱাৰ পাছতেই মঙলবাৰে নিশা উত্তেজিত হৈ বন্যাৰ্তই ৱাৰ্ড মেম্বাৰ যাদৱ বৰা আৰু গাঁওবুঢ়া তৰুণ লস্কৰক জবাবদিহি কৰে। নিশা পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত পুৱা কামপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল লক্ষ্যজ্যোতি বৰা ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হোৱা লাট মণ্ডল লক্ষ্যজ্যোতি বৰা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বান সাহাৰ্য বিতৰণত অনিয়ম হোৱাৰ প্ৰতিবাদত উত্তেজিত বন্যাৰ্তই বান সাহাৰ্য প্ৰশাসনক ঘূৰাই দি শিবিৰলৈ ৰাওনা হয়। পৰিস্থিতি অধিক জটিল হোৱাত ঘটনাস্থলীত কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ দুয়োগৰাকী চক্ৰ বিযষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই বিফল হয়। বৰ্তমানলৈকে পৰিস্থিতি উতপ্ত হৈ আছে।

উল্লেখযোগ্য যে গাঁওবুঢ়া অাৰু ৱাৰ্ড মেম্বাৰে বন্যাৰ্তৰ বাবে অহা চাউল বন্যাৰ্তৰ মাজত নভগাই পোনে পোনে ৰিটেইলাৰৰ গুডামত ভৰাই থোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।অাৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও সফল হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি