কামপুৰত আহিনমহীয়া বান বিভিষিকা…

কামপুৰত আহিনমহীয়া বান বিভিষিকা…

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত পুনৰ আহিনমহীয়া বান বিভিষিকা ৷ কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ জলস্তৰ বৃদ্ধি হৈ ভাঙি নিলে মাধৱপাৰা জুৰিপাৰ সংযোগী গড়কাপ্তানী পথ ৷ পথৰ ওপৰৰে তীব্ৰ বেগত বাগৰিছে পানী ৷ একঁকাল এবুকু পৰ্যন্ত পানী ৰাজপথত ৷ মাধৱপাৰাত ভগ্ন মাথাউৰীৰে পানী সোমাই জলমগ্ন বহু বাসগৃহৰ লগতে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷ ঘৰৰ ভিতৰত এককাল পযন্ত পানী ৷ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে বানাক্ৰান্ত সকল ৷ বৰ্তমানেও বানাক্ৰান্ত সকলক উদ্ধাৰৰ বাবে উপস্থিত হোৱা প্ৰসাশন লোক ৷ কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত লংজাপ, মাধৱপাৰাকে ধৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন ৷ ধানৰ সজাল ধৰাৰ সময়ত পুনৰ বানে সন্ত্ৰাস সৃষ্টি কৰাত মুৰে কঁপালে হাত দিছে কৃষক সকলে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in