অগপৰ ৩ মন্ত্ৰীক আঠু কঢ়াই পিটন দিয়াৰ সময় আহিলঃ বীৰ লাচিত সেনা…VIDEO

অগপৰ ৩ মন্ত্ৰীক আঠু কঢ়াই পিটন দিয়াৰ সময় আহিলঃ বীৰ লাচিত সেনা…VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কেবৰ বিৰোধিতাৰে পুনৰ বিস্ফোেৰক মন্তব্য দিছে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃঙ্খল চলিহাই । কেন্দ্ৰীয় কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই তীব্ৰ সমালোচনা কৰে শৃঙ্খল চলিহাই। তেওঁ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাক কাপুৰুষ ভীৰু আৰু অসমী আইৰ জাৰজ সন্তান আখ্যা দি ক্ষুৰধাৰ সমালোচনা কৰে ।

মন্ত্ৰী অতুল বৰা, ফণীভূষণ চৌধুৰী, কেশৱ মহন্তক ৰাজপথত আঠুকঢ়াই পিটন দিবৰ সময় অহা বুলিও তেওঁ মন্তব্য কৰে । তিনিওজন মন্ত্ৰীৰ গালৈ গেলা কণী নিক্ষেপ কৰাৰ লগতে ক'লা পতাকা দেখুৱাব বাবে আহ্বান কৰে। বিজেপি দলক ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ সকিয়াই দিয়ে বীৰ লাচিত সেনাই।

কেব আহিলে হেংদাং ওলাব বুলিও ভাবুকি দিয়ে। কেব আহিলে দেশ জাতিক শেষ হব নিদিয়ে লাচিত সেনাই। সেয়ে কেব আহিলে বঙালীক পিটিব তেওঁলোকে। লগতে জাতিদ্ৰোহী বদনক পিতিব লাচিত সেনাই। কেব আহিলে অসমৰ জাতি-বৰ্ণ-ধৰ্ম নিবিশেষে ৰাজপথলৈ ওলাই আহিবলৈ লাচিত সেনাই আহ্বান কৰে। জাতিক ৰক্ষা কৰিবলৈ যিকোন চৰম পন্থা বুলি তেওঁ ভাবুকি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in