অযোধ্যাত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলাবলৈ উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দল…

অযোধ্যাত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলাবলৈ উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দল…

ডিজিটেল সংবাদ,মাজুলীঃ সাহিত্য,সংগীত,কলাৰ বৈকুণ্ঠ ভেদি পুত গংগাক চৈধ্য প্ৰসংগৰ বৰঢ়াপ মাৰি কীৰ্তন ঘৰৰ মজিয়াখন লোকসংগ্ৰহ,লোকস্থিতি,লোকৰঞ্জক,আনকি লোক আত্মিক উত্তৰণৰো সোনসেৰীয়া ক্ষেত্ৰৰূপে কৰি তুলিছিল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ,বদলা পদ্ম আতাপুৰুষৰ লগতে আতা আতৈ সকলে সংগীতক ধৰ্মসাধনাৰ মাধ্যম ৰূপে গ্ৰহণ কৰিছিল।

 যাৰবাবে সত্ৰ সমূহ ধৰ্মথলী হোৱাৰ ওপৰিও পৰৱৰ্তী কালত ই সংগীতৰ বিকাশ-প্ৰকাশৰ অবিচ্ছিন্ন এটি চৰ্চা বৃহৎ মঞ্চ ৰূপেও পৰিগণিত হ'ল।কীৰ্তন ঘৰৰ মজিয়াত ঠিয়দঙা দিয়া সত্ৰীয়া সংস্কৃতিৰ বৃহৎ অমৃতৰ ভাণ্ডাৰৰ অমৃত পান কৰি কৃত্যকৃত্য শত সহস্ৰজন। কাজেই সত্ৰীয়া সকলৰ দায়িত্ব এগুণৰ পৰা  দুগুণলৈ উঠিছে।

সীমাৰ পৰিধি ভাঙি গুৰু দুজনাৰ কলা সংগীত নিৰবিছিন্ন ভাৱে প্ৰচাৰ প্ৰসাৰ কৰাতো কমলাবাৰী সত্ৰৰ উদাসীন বাপুসকলৰ যুগ-দায়িত্ববোধ হিচাপে গণ্য কৰে। ৩৪৮ বছৰে সাংস্কৃতিক বিশাল এই শোভাযাত্ৰা অব্যাহত আছে। ইয়াৰ অংশ হিচাপে সাংস্কৃতিক সুৱাস বিলাবলৈ ৰাম জন্মভূমিলৈ ৰাওনা হৈছে ১৪ জনীয়া দল।  অদৃশ্য ভাইৰাছ কোভিড -১৯ অতিমাৰীয়ে মানৱ সম্পদলৈ ভয়াবহ সংকট অনাৰ লগতে বিধ্বস্ত কৰিলে সাংস্কৃতিক ক্ষেত্ৰখন।না-জল না-থল অৱস্থা শিল্পী সকলৰ।য'তি পৰিছিল সাংস্কৃতিক প্ৰচাৰ প্ৰসাৰতো।

 পৰিস্থিতি অনুকুল হোৱা নাই যদিও কোভিডৰ ভয়াবহতাক প্ৰত্যাহ্বান জনাই আৰম্ভ হৈছে সাংস্কৃতিক কাৰ্যসূচী। সুদীৰ্ঘ ডেৰ বছৰৰ পাছত ৰাম জন্মভূমিলৈ ৰাওনা হৈছে ১৪ জনীয়া সাংস্কৃতিক দল। অহা ০১ নৱেম্বৰৰ পৰা ০৫ নৱেম্বৰ ২০২১লৈ সাংস্কৃতিক বিভাগ উত্তৰ প্ৰদেশ চৰকাৰে আয়োজন কৰা দ্বীপোৎসৱ ৰামলীলা  বিশাল বৰ্নিল বিস্তৃত কাৰ্যসূচীত ২ দিন অথাৎ ২ আৰু ৩ নৱেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় ভাওনাৰ খণ্ড দৃশ্য গায়ন বায়ন সত্ৰীয়া নৃত্য পৰিবেশন কৰিব। লগতে সাংস্কৃতিক বিভাগে আয়োজন কৰা ৰ'ড শ্ব'ট অংশগ্ৰহণ কৰিব।

 অযোধ্যাত মাজুলীৰ শিল্পী দলে তিনিটাকৈ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি চহকী সত্ৰীয়া সংস্কৃতি প্ৰৰ্দশন কৰিব। যিটো মাজুলী তথা অসমৰ বাবে এক গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে উত্তৰ প্ৰদেশৰ কেন্দ্ৰীয় মন্ত্ৰী,সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী , সাধু সন্ত  উপস্থিত থাকি অনন্য মাত্ৰা প্ৰদান কৰিব।

দেওবাৰে উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ১৪ জনীয়া দল ৰাওনা হৈছে। ডিব্ৰুগড়ৰ পৰা ৰাজধানী ৰেলৰ যোগেদি ৰাওনা হৈছে। শিল্পী সকল হৈছে অধ্যাপক ভৱেন বৰবায়ন, পৰিচালক  ,তীৰ্থ ভূঞা বৰগায়ন টিম লিডাৰ, উপেন বৰগায়ন,কৃষ্ণ কুমাৰ শইকীয়া ,দীপক বৰুৱা, গোবিন্দ কলিতা, নিৰঞ্জন বৰবায়ন,কৃষ্ণ শইকীয়া, ৰঞ্জন হাজৰিকা, সৰ্বানন্দ দুৱৰীয়া,পবিত্ৰ গায়ন,অজিত বায়ন,বিশ্বজিৎ বায়ন,পৰমানন্দ গায়ন। এই সাংস্কৃতিক যাত্ৰাৰ সমন্বয়ক হিচাপে আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ড০ অনুশব্দ ।

 তেখেতে সাংস্কৃতিক দলটো সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰাত সকলো সময়তে যোগাযোগ কৰাৰ লগতে অহা-যোৱা থকা খোৱাৰ ক্ষেত্ৰত সৰ্বদিশত ছাঁটো হিচাপে লাগি আছে। ডেৰ বছৰৰ মূৰত কোভিডৰ মাজতে দলটোৱে উত্তৰ প্ৰদেশ চৰকাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি সাংস্কৃতিক সুৱাস বিলাবলৈ ৰাওনা হোৱা দলটোক উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ লগতে উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱৰ কৃষ্ঠি সংঘৰ সভাপতি মনিৰাম বৰগায়ন আৰু পদ্মশ্ৰী গোপীৰাম বুঢ়াভকতে শুভাৰ্শীবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।  সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলাই  অসমলৈ সুনাম কঢ়িয়াই উভতিব পাৰে তাৰে কামনা কৰে।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in