কমল নাথৰ শপত গ্ৰহণ অনুষ্ঠানত মিলিত হ’ব মোদীৰ বিৰোধী শক্তি

কমল নাথৰ শপত গ্ৰহণ অনুষ্ঠানত মিলিত হ’ব মোদীৰ বিৰোধী শক্তি

ডিজিটেল ডেস্কঃ উছাহৰ ঢল বৈছে মধ্যপ্ৰদেশ কংগ্ৰেছত। সম্পূৰ্ণ ১৫ বছৰৰ অন্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে ৰাজ্যভাৰ হাতত লৈ সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। তেওঁ ৰাজ্যখনৰ ১৮তম মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে সোমবাৰে ভূপালত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ সমাৰোহত আগন্তক ২০১৯ৰ লোকসভা নিৰ্বাচনক লৈ বিৰোধীৰ মহাজোঁটৰ ছবি দেখিবলৈ পোৱা যাব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, বিগত ১৫ বছৰ ধৰি মধ্যপ্ৰদেশত বিজেপি শাসনাধিষ্ঠিত হৈ আছিল। কিন্তু যোৱা ১১ ডিচেম্বৰত ঘোষণা হোৱা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে বিজেপিক চেৰ পেলাই মুঠ ২৩০খন আসনৰ ১১৪খন আসন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে এছ পি আৰু বি এছ পিৰ সৈতে মিত্ৰতা কৰি কংগ্ৰেছে ৰাজ্যখনৰ শাসনভাৰ নিজৰ হাতলৈ আনে।

ইফালে সোমবাৰে ভূপালত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহক লৈ সজাই তোলা হৈছে ভূপাল। কমল নাথৰ শপত গ্ৰহণ সমাৰোহত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ লগতে ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ তেজস্বী যাদৱ আৰু কেইবাগৰীও বিশিষ্ট নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। যাৰ ফলত এই সমাৰোহখনৰ পৰাই কংগ্ৰেছ আৰু অন্য বিৰোধী দলৰ মহাজোঁট আৰম্ভ হ'ব বুলি সন্দেহ কৰা হৈছে।

সমাৰোহখনত ১ লক্ষাধিক নেতা-কৰ্মী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। সমাৰোহত উপস্থিত থাকিবলগীয়া ৰাজনৈতিক নেতাসকলৰ তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে, য'ত কংগ্ৰেছকে ধৰি অন্য কেইবাটাও দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। কমল নাথৰ শপত গ্ৰহণ অুনুষ্ঠানত মনমোহন সিং, চন্দ্ৰবাবু নাইডু, তেজস্বী যাদৱ, শৰদ পাৱাৰ, প্ৰফুল্ল পেটেল, এছ ডি কুমাৰস্বামী, প্ৰাক্তন প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌড়া, মল্লিকাৰ্জুন খড়গে, এম কে ষ্টালিন, ফাৰুক আব্দুল্লা, নৱজোৎ সিং সিদ্ধু আদি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে। সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহৰ প্ৰাক মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in