শেহতীয়া খবৰ
মৌৱে বাহ ল’লে ক’ত, যি দৃশ্যৰ ভিডিঅ’ শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে, VIDEO  •  পাক সেনাৰ যুদ্ধবিৰতি উলংঘা...  •  কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...

জ্যেষ্ঠ কংগ্ৰেছ নেতাই ক’লে- ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ নকৰে বহুমত

715

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ত কংগ্ৰেছে বহুমত লাভ কৰিবলৈ সক্ষম নহ’ব। এই কথা মুকলিকৈ স্পষ্ট কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথে। শনিবাৰে নিশা তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়, ‘আমি ভাবো যে নিৰ্বাচনত আমি ভাল ফল প্ৰদৰ্শন কৰিম। কিন্তু আমি বহুমত লাভ কৰিবলৈ সক্ষম নহও। যাৰ বাবে নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ বাবে আমি মহাজোঁটবন্ধন কৰিব লাগিব। এই জোঁট বন্ধনত বিভিন্ন ৰঙৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যাব।’

বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ব বুলি দাবী কৰি কমলনাথে কয়, ‘বিজেপিয়ে এইবাৰ বহুমত লাভ নকৰাটো নিশ্চিত। আৰু চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে মিত্ৰজোঁটো গঠন কৰিব নোৱাৰিব। কিয়নো অন্য দলসমূহে তেওঁলোকৰ সৈতে মিত্ৰজোঁটত আহিব নিবিচাৰে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি