কামাখ্যা দৰ্শনৰ বাবে যদি যাম বুলি ভাবিছে,তেনেহ’লে এই খিনি কথা জানি লওক..

কামাখ্যা দৰ্শনৰ বাবে যদি যাম বুলি ভাবিছে,তেনেহ’লে এই খিনি কথা জানি লওক..

ডিজিটেল ডেস্ক : ২৪ ছেপ্টেম্বৰৰ পৰা কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে দৰ্শনাৰ্থী যোৱাৰ অনুমতি প্ৰদান কৰিব কামৰূপ মহানগৰ প্ৰশাসনে । এই সন্দৰ্ভত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ সৈতে কামৰূপ মহানগৰৰ উপায়ুক্ত আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হৈছিল ১৯ ছেপ্টেম্বৰত । মন্দিৰলৈ দৰ্শৰনাৰ্ছীৰ কোভিডৰ বাবে লব লগীয়া প্ৰস্তুতি সম্পন্ন কৰাৰ পিছত ২৪ ছেপ্টেম্বৰৰ পৰা খুলিব ।

কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যাওতে দৰ্শনাৰ্থী সকলে জানিব লগীয়া কথা কেইটা হ'ল –

  • এদিনত মাত্ৰ ৫০০ ভক্ত মন্দিৰৰ চৌহদত প্ৰবেশ কৰিব পাৰিব ।
  • মন্দিৰৰ প্ৰবেশৰ বাবে অনলাইন প্ৰবেশ পত্ৰ লব লাগিব ।
  • ৬০ বছৰ উৰ্ধৰ আৰু ১০ বছৰ তলৰ লৰা ছোৱালীক মন্দিৰ দৰ্শনৰ বাবে অনুমতি দিয়া নহয় ।
  • মন্দিৰ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীৰ সুবিধাৰৰ্থে অনলাইন প্ৰবেশ পত্ৰৰ বাবে আবেদন কৰা ব্যৱস্থা মন্দিৰ কৰ্তৃপক্ষই নিজে কৰিব লাগিব ।
  • এই অনলাইন প্ৰবেশ পত্ৰ বোৰত সময় নিৰ্ধাৰিত কৰি দিব লাগিব ।
  • এঘন্টাত ১০০ৰো অধিক অনলাইন প্ৰবেশ পত্ৰ দিব নোৱাৰিব ।
  • ১৫ মিনিটৰ অধিক সময় মন্দিৰত থাকিব নোৱাৰিব ।
  • দৰ্শনাৰ্থী সকলে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে কোভড নিগেটিভৰ প্ৰমান পত্ৰ প্ৰদৰ্শন কৰিব লাগিব । সেই প্ৰমান পত্ৰ ৩ দিনতকৈ অধিক সময় পূৰ্বে পৰীক্ষা কৰা হব নালাগিব ।
  • আৰক্ষীয়ে অনলাইন প্ৰবেশ পত্ৰ পৰীক্ষা কৰিব তাৰ পিছতহে মন্দিৰ চৌহদত প্ৰবেশৰ বাবে দৰ্শনাৰ্থীক অনুমতি প্ৰদান কৰিব ।
  • মন্দিৰৰ চৌহদত নিয়মীয়া কৈ ছেনিটাইজ ব্যৱস্থা কৰিব লাগিব ।
  • মূল মন্দিৰত প্ৰবেশ কৰাৰ পূৰ্বে হাত সমূহ চেনিটাইজ আৰু দেহৰ তাপমান ৰ্থামেল স্কেনাৰৰ জৰিয়তে পৰীক্ষা কৰা হ'ব ।
  • মন্দিৰৰ চৌপাশত কোনো ভক্তক ৰাতি কটাব অনুমতি দিয়া নহ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in