২৩টা পিষ্টলসহ দিল্লীত গ্ৰেপ্তাৰ কালু

২৩টা পিষ্টলসহ দিল্লীত গ্ৰেপ্তাৰ কালু

ডিজিটেল ডেস্কঃ ২৩টা পিষ্টলসহ সোমবাৰে দিল্লী আৰক্ষীৰ জালত পৰে এজন অস্ত্ৰ সৰবৰাহকাৰী। ধৃত লোকজনক কালু ছাহু বুলি চিনাক্ত কৰা হৈছে। ৰাজধানী ক্ষেত্ৰৰ ভিন্ন অঞ্চলৰ অপৰাধীসকলক যোগান ধৰাৰ উদ্দেশ্যৰেই বহু লক্ষাধিক টকাৰ বিনিময়ত এই পিষ্টলসমূহ সৰবৰাহ কৰিছিল কালুৱে।

জেৰাৰ অন্তত কালুৱে জব্বলপুৰৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চালক হিচাপে কাম কৰিছিল বুলি জানিবলৈ দিয়ে। যোৱা বছৰ চাকৰি হেৰুওৱাৰ পিছতে অস্ত্ৰ সৰবৰাহৰ কামত জড়িত হৈ পৰা বুলিও জনায় ধৃত কালুৱে।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ভৰি থকাৰ মাজতে এনেদৰে ২৩টাকৈ পিষ্টল সৰবৰাহ কৰা কাৰ্যই দিল্লী আৰক্ষীক বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে। ইফালে, কালুক জালত পেলাবলৈ সমৰ্থ হোৱাৰ পিছতে গেংটোৰ আন সদস্যসকলৰ সন্ধানতো অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in