কিয় পাহৰিলে কল্পনা চৌধুৰীক?অজ্ঞতা নে দায়িত্বহীনতা!

কিয় পাহৰিলে কল্পনা চৌধুৰীক?অজ্ঞতা নে দায়িত্বহীনতা!

ডিজিটেল ডেস্কঃ পোন প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ক্ৰীড়া পেঞ্চন দিৱসত ৰাজ্য চৰকাৰে পাহৰিলে বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰক। ৰাজ্যৰ ক্ৰীড়া বিভাগে বঞ্চিত কৰিলে এসময়ত শ্ৰেষ্ঠ অসমীয়াৰ সন্মান লাভ কৰা অসমৰ মহিলা বক্সাৰ কল্পনা চৌধুৰীক। যাৰ বাবে ৰাজ্যৰ সচেতন ক্ৰীড়া মহলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শুক্ৰবাৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিলে ক্ৰীড়া পেঞ্চন দিৱস। উত্তৰপূৰ্বাঞ্চলৰে প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপনৰ লগত সংগতি অনুষ্ঠিত কৰা এই ক্ৰীড়া পেঞ্চন দিৱসত ৯৯ গৰাকী খেলুৱৈক নিয়মীয়া ক্ৰীড়া পেঞ্চন, ১৫৩ গৰাকীক এককালীন আৰ্থিক পুৰস্কাৰ, অলিম্পিক, এছিয়ান, কমনৱেল্থ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক বিজয়ী খেলুৱৈসকলক ক্ৰীড়া পেঞ্চন, চাকৰিত নিয়োজিত হৈ থকা খেলুৱৈক ৫০ হাজাৰকৈ এককালীন আৰ্থিক পুৰস্কাৰ, চাকৰিত নিয়োজিত নোহোৱা খেলুৱৈক প্ৰতিমাহে ১০ হাজাৰ টকাৰ নিয়মীয়া পেঞ্চন প্ৰদান কৰা হৈছে।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত নিশ্চয়কৈ আদৰণিয়। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপে ৰাজ্যৰ ক্ৰীড়া জগতখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। কিন্তু চৰকাৰে খেলুৱৈসকলৰ মাজত এনেধৰণৰ সাহায্য, পেঞ্চন ঘোষণা কৰিছে যদিও খেলুৱৈৰ মাজত সৃষ্টি কৰিছে বিভেদ। কিয়নো ৰাজ্যৰ ক্ৰীড়া বিভাগে ক্ৰীড়া পেঞ্চন দিৱসৰ দিনাই আৰ্থিক পুৰস্কাৰৰ বাবে যোগ্য এগৰাকী মহিলা খেলুৱৈক বঞ্চিত কৰিছে।

এসময়ত দেশৰ বক্সিঙৰ ৰাণী হিচাপে পৰিচিত হৈ পৰিছিল অসমৰ এগৰাকী মহিলা বক্সাৰ। এছিয়ান চেম্পিয়নশ্বিপত প্ৰথমগৰাকী বক্সাৰ হিচাপে স্বৰ্ণ পদক লাভ কৰাৰা লগতে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ বক্সাৰৰ সন্মান। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক। এনে সফলতা লাভ কৰা তেওঁৱেই ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ। এই মহিলা বক্সাৰগৰাকী আন কোনো নহয়, শ্ৰেষ্ঠ অসমীয়াৰ সন্মান লাভ কৰা কল্পনা চৌধুৰী।

এইগৰাকী কল্পনা চৌধুৰীয়ে নিজ কেৰিয়াৰত ১২ খনকৈ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত আছিল ৩ খন বিশ্ব চেম্পিয়নশ্বিপ আৰু এখন এছিয়ান চেম্পিয়শ্বিপ। ২০০৫ চনত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত তৃতীয় বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি কল্পনাই লাভ কৰিছিল ব্ৰঞ্জৰ পদক। এয়াই আছিল বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী বক্সাৰ। ইয়াৰ সুদীৰ্ঘ সময়ৰ পাছত লাভলীনা বৰগোহাঁইয়ে দুবাৰকৈ আৰু যমুনা বড়োৱে এবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিছে। আনহাতে ২০০৬ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা চতুৰ্থ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত আৰু ২০০৮ চনত চীনত অনুষ্ঠিত হোৱা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল এইগৰাকী অসমৰ মহিলা বক্সাৰে।

২০০৮ ,চনত অসমত অনুষ্ঠিত হৈছিল চতুৰ্থ এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত কল্পনাই লাভ কৰিছিল স্বৰ্ণ পদক আৰু শ্ৰেষ্ঠ মহিলা বক্সাৰৰ সন্মান। এনে কৃতিত্ব লাভ কৰা কল্পনাই প্ৰথমগৰাকী মহিলা বক্সাৰ। ইয়াৰ উপৰিও কল্পনাই আন কেইবাখনো বিশ্ব প্ৰতিযোগিতাত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কল্পনা চৌধুৰীয়ে লাভ কৰিছে ৬ বাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ। লাভ কৰিছে ৬ টা ৰূপৰ আৰু ২ টা ব্ৰঞ্জৰ পদক। এনেদৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা কল্পনা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ। কিন্তু এনে সফলতাৰ অধিকাৰী হৈয়ো বাৰে বাৰে বঞ্চিত হৈ আহিছে কল্পনা চৌধুৰী।

পূৰ্বে ৰাজ্য চৰকাৰে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে লাভলীনা বৰগোহাঁই আৰু যমুনা বড়োক প্ৰদান কৰিছিল ২০ লাখকৈ টকা। ৰাজ্যৰ প্ৰথমগাৰকী মহিলা বক্সাৰ হিচাপে এই সফলতা অৰ্জন কৰা কল্পনা চৌধুৰীক কিন্তু সেই আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হোৱা নাই। একেদৰে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা ৰাজ্যিক ক্ৰীড়া পেঞ্চন দিৱসতো যোগ্যতা থকাৰ পাছতো আৰ্থিক পুৰস্কাৰ আৰু পেঞ্চনৰ পৰা বঞ্চিত কৰা হ'ল কল্পনা চৌধুৰীক। এই অনুষ্ঠানলৈ নিমন্ত্ৰণেই লাভ নকৰিলে তেওঁ।

মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰে ক্ৰীড়া পেঞ্চন আৰু আৰ্থীক পুৰস্কাৰ প্ৰদান কৰা খেলুৱৈৰ তালিকাত দলীয় শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈৰো নাম আছে। সেইসকল খেলুৱৈক আৰ্থিক পুৰস্কাৰ অথবা ক্ৰীড়া পেঞ্চন প্ৰদান কৰাক লৈ কাৰো একো ক'বলগীয়া নাই। কিন্তু বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপত পদক লাভৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰাৰ পাছতো কিয় বঞ্চিত কৰা হ'ল কল্পনা চৌধুৰীক? এই প্ৰশ্ন কিন্তু ক্ৰীড়া মহলত উত্থাপন হৈছে।

জানিব পৰা মতে প্ৰথম অৱস্থাত কল্পনা চৌধুৰীক এই আৰ্থীক, পুৰস্কাৰৰ বাবে তেওঁৰ সফলতাৰ তালিকাকে ধৰি অন্যান্য আনুসংগিক প্ৰমাণ পত্ৰ বিচাৰি সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা নিজেই যোগাযোগ কৰা হৈছিল। তেওঁলোকে বিচৰা ধৰণেই কল্পনা চৌধুৰীয়ে প্ৰযোজনীয় নঠি-পত্ৰ প্ৰদান কৰিছিল। তাৰ পাছতো কিয় আৰু কেনেকৈ বাদ পৰিল কল্পনা? জানিব পৰা মতে শেষ মুহূৰ্তত তালিকাৰ পৰা কৰ্তন কৰা হৈছে কল্পনাৰ নাম।

যিসময়ত ৰাজ্যত ক্ৰীড়াক কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হৈছে, ক্ৰীড়া বিদক যথেষ্ট সন্মান প্ৰদান কৰা হৈছে, ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে ক্ৰীড়িবিদক কেন্দ্ৰ কৰি বিভিন্ন অনুষঠান অনুষ্ঠিত হৈছে তেনে সময়ত এইদৰে এগৰাকী ক্ৰীড়া বিদক প্ৰাপ্য সন্মান আৰু পুৰস্কাৰৰ পৰা বঞ্চিত কৰা কাৰ্যক মানি ল'ব পৰা নাই সচেতন ক্ৰীড়া মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in