দুবছৰতে পাহৰণিৰ গৰ্ভত ‘জনতাৰ মুখ্যমন্ত্ৰী’ কালিখো পুল

প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অকলশৰীয়া পত্নীৰ
প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অকলশৰীয়া পত্নীৰ

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত মাত্ৰ ৫ মাহৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহি জনতাৰ মুখ্যমন্ত্ৰী হিচাপে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা কালিখো পুলে তেওঁক ৰাজনৈতিকভাবে কৰা প্ৰতাৰণাৰ দুখ সহিব নোৱাৰি দুবছৰৰ পূৰ্বে আজিৰ দিনটোতে চিপ লৈ আত্মহত্যা কৰিছিল৷ ৰাজনীতিৰ পাশাখেলত পৰাজিত হৈছিল নিজ সতীৰ্থৰ কূটিল ষড়যন্ত্ৰত৷

২০১৬ চনৰ ১৩ জুলাইত উচ্চতম ন্যায়ালয়ে অৰুণাচল প্ৰদেশত জাৰি কৰা ৰাষ্ট্ৰপতি শাসনক অবৈধ বুলি ঘোষণা কৰিছিল৷ যাৰ পৰিণতিত সেই বছৰৰে ১৬ ফেব্ৰুৱাৰীত গঠন কৰা কালিখো পুল নেতৃত্বাধীন চৰকাৰখনৰো পতন ঘটিছিল৷ কিন্তু প্ৰয়োজনীয় সমৰ্থন নথকা বাবে হঠাতে পুনৰ মুখ্যমন্ত্ৰীৰ আসন হাতলৈ অহা নাবাম টুকীয়ে পদত্যাগ কৰি পেমা খান্দুক মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰিছিল৷ কালিখো পুলে নাবাম টুকীৰ বিৰুদ্ধ আৰম্ভ কৰা বিদ্ৰোহৰ ফলতে হঠাতে মুখ্যমন্ত্ৰী হৈছিল পেমা খান্দু৷

সৰ্বত্ৰে চৰ্চিত হোৱা অৰুণাচলৰ ৰাজনীতিয়ে নতুন মোৰ লৈছিল৷ কিন্তু অৰুণাচলৰ জনতাৰ হৃদয় জিনিবলৈ সক্ষম হোৱা কালিখো পুল এনিশাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পৰা আতৰি সাধাৰণ বিধায়ক হৈ পৰিছিল৷ অৰুণাচলৰ ৰাজনীতিত সকলো সম্ভব যদিও পেমা খান্দুকে আদি কৰি সংগীসকলে তেওঁক কৰা ৰাজনৈতিক প্ৰতাৰণাই কালিখো পুলক মানসিকভাবে বিধ্বস্ত কৰি পেলাইছিল৷ মানসিক হেঁচাৰ বাবেই কালিখো পুলে ৯ আগষ্টৰ পুৱাই মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে৷

পুলৰ আত্মহত্যাৰ পাছতে তেওঁৰ বাসগৃহত উদ্ধাৰ হৈছিল ৬০ পৃষ্ঠাৰ এক দীঘলীয়া টোকা৷ সেই টোকাত মুখ্যমন্ত্ৰী পেমা খান্দুকে ধৰি বহুকেইজন মন্ত্ৰী-বিধায়কৰ বিত্তীয় কেলেংকাৰীৰ তথ্য সন্নিবিষ্ট হৈছিল৷ চাৰিওফালে হুলস্থুল লাগিছিল সেই টোকাটোক কেন্দ্ৰ কৰি৷ কালিখো পুলক আত্মহত্যা কৰিবলৈ বাধ্য কৰা বুলি অভিযোগ কৰি 'মেৰে বিচাৰ আন্দোলন কমিটি' নামৰ সংগঠন এটাই প্ৰায় এবছৰ ধৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল৷

অৰুণাচল প্ৰদেশ চৰকাৰে এই আন্দোলনকাৰীসকলৰ দাবী অনুসৰি পুল হত্যাৰ চি বি আই তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ পত্ৰ লিখিছিল৷ আৰক্ষীয়েও এক তদন্ত কৰিছিল৷ কিন্তু আজিলৈকে পুল হত্যাৰ তদন্ত প্ৰক্ৰিয়া আগনাবাঢ়িল৷ অৰুণাচল আৰক্ষীয়ে কৰা তদন্তত পুলে আত্মহত্যা কৰা বুলি আদালতত তদন্ত প্ৰতিবেদন দাখিল কৰিছিল৷

কিন্তু আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত পুলৰ 'চুইচীইড নোট' অন্তৰ্ভুক্ত নহ'ল ৷ কেন্দ্ৰীয় গৃহ দপ্তৰেও চি বি আইৰ তদন্তৰ বাবে অনুমোদন নকৰিলে৷ যাৰ বাবে পুলৰ হত্যা বা আত্মহত্যাৰ ৰহস্য আজিও ৰহস্যৰ মাজতে আবদ্ধ হৈ থাকিল৷ পৰবৰ্তী সময়ত পুলৰ তিনি গৰাকী পত্নীৰ মাজতো সৃষ্টি হৈছিল বিভেদৰ৷

পুলৰ তৃতীয়া পত্নীয়ে বি জে পিৰ টিকটত পুলৰ মৃত্যুত খালী হোৱা হায়ুলিয়াং সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছিল৷ ৰাজনীতিৰ মেৰপেচত পৰি জনতাৰ মুখ্যমন্ত্ৰী কালিখো পুল হৈ পৰিল এক পাহৰণি৷ আজি তেওঁৰ দ্বিতীয় মৃত্যু দিৱসত তৃতীয়া পত্নীয়ে নিজ বাসগৃহতে ধূপ-ধূনা জ্বলাই স্বামীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ বাদে ইটানগৰত আয়োজন নহ'ল কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ মুখ্যমন্ত্ৰী পেমা খান্দুৰ পৰাও নাহিল কোনো স্মৃতিচাৰণ বাৰ্তা৷ মাত্ৰ দুবছৰৰ ভিতৰতে জনতাৰ মুখ্যমন্ত্ৰীক পাহৰি গ'ল সকলোৱে৷ আনকি পুল হত্যাৰ তদন্তৰ দাবীত আন্দোলন কৰাসকলেও পাহৰিলে কালিখো পুলক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in