কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি মুকলি

কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি মুকলি

ডিজিটেল সংবাদ, কলিয়াবৰঃ শনিবাৰে কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল চাৰিটাকৈ বিশুদ্ধ খোৱাপানী যোগান আঁচনি।

অসম চৰকাৰৰ 'মিছন ১০০'ৰ অধীনত একে সময়তে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয় কলিয়াবৰ উন্নয়ন খণ্ড এলেকাৰ দেৱসত্ৰ পানী যোগান আচঁনি,চামগুৰি সত্ৰ পানী যোগান আচঁনি, লাওখোৱা উন্নয়ন খণ্ডৰ এলেকাধীন পূৱ শিঙিমাৰী পানী যোগান আচঁনি আৰু ৰূপহী উন্নয়ন খণ্ডৰ এলেকাৰ উত্তৰ ৰৌমাৰী পানী যোগান আচঁনি।

দেৱসত্ৰ পানী যোগান আচঁনিটো উদ্বোধন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। আনহাতে, কলিয়াবৰত শুভাৰম্ভ কৰা হয় 'স্বচ্ছতাই সেৱা-২০১৮' সপ্তাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in