কলিয়াবৰত গৰু ভৰ্তি বাহন জব্দ, চালক আটক

কলিয়াবৰত গৰু ভৰ্তি বাহন জব্দ, চালক আটক

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰ আৰক্ষীয়ে শুকুৰবাৰে জব্দ কৰিলে অবৈধভাৱে সৰবৰাহ কৰা গো-ভৰ্তি বাহন। গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে নাকাচেকিঙৰ জৰিয়তে জব্দ কৰে বাহনখন।

জব্দকৃত বাহনখনৰ পৰা ৩৫ টাকৈ গৰু উদ্ধাৰ কৰে কলিয়াবৰ আৰক্ষীয়ে। বোকাখাটৰ পৰা নিশা সোনাপুৰলৈ গো-ধন আনি থকা সময়তে আৰক্ষীৰ জালত পৰে গো-সৰবৰাহকাৰী।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে চালক জিদুল আলীক। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে- এ এছ ০১ জে চি ৯২৫৬। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in