গণ সংযোগ নাথাকিলে প্ৰকৃত সংবাদ হ’ব নোৱাৰেঃ কলিয়াবৰ প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদযাপন…

গণ সংযোগ নাথাকিলে প্ৰকৃত সংবাদ হ’ব নোৱাৰেঃ কলিয়াবৰ প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদযাপন…

ডিজিটেল সংবাদ, কলিয়াবৰ : গণ সংযোগ নাথাকিলে প্ৰকৃত সংবাদ হ'ব নোৱাৰে। সাংবাদিকতাক নৈতিকতা নীতিৰে বান্ধিব পাৰিলেহে সুস্থ সবল সাংবাদিকতাৰ পৰিবেশ গঢ়ি উঠিব। সংবাদ মাধ্যম ৰাইজৰ হৈ ৰাইজৰ হকে ৰাইজৰ সিংহ দুৱাৰ হৈ থাকিব লাগিব।—এই ভাষ্য "অসমীয়া প্ৰতিদিন" কাকতৰ সহযোগী সম্পাদক তথা জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ ৷ কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু কলিয়াবৰৰ মহকুমা প্ৰশাসনৰ সহসোগত মঙ্গলবাৰে আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত "গণ মাধ্যমক সমীহ নকৰে কোনে" শীৰ্ষক বিষয়ৰ ওপৰত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই সংবাদ মাধ্যমৰ বহু আঁৰৰ কথা প্ৰকাশ কৰি লগতে কয়-পৰাগ দাস, মুছলিমুদ্দিন আদিৰ দৰে নিৰ্ভীক সাংবাদিকতা কৰি বহুকেইজন সাংবাদিক নিহত হৈছে। গণ মাধ্যমক সমীহ নকৰে কোনে। যদি সংবাদৰ ক্ষেত্ৰত সত্যতা নাথাকে, যিসকল দাম্ভিক, যাৰ হাতত ক্ষমতা থাকে, আইন হাতত থাকে তেনে লোকে সাংবাদিকক সমীহ নকৰে।যদি প্ৰতিপত্তিশালী হ'ব বিচাৰে তেন্তে সাংবাদিকৰ ক্ষেত্ৰলৈ আহিব নালাগে। যদি মানুহৰ মাজত থাকিব বিচাৰে তেহে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহক বুলি তেঁও নব প্ৰজন্মক আহ্বান জনায় । কলিয়াবৰৰ সৈতে আত্মিক সম্পৰ্কৰ কথা সদৰী কৰি তেঁও কয়– কলিয়াবৰৰ হাটবৰ মোৰ ওপজা ঠাই, কলিয়াবৰৰ সুসন্তান তথা নিৰ্ভীক,আপোচবিহীন,বিদগ্ধ পণ্ডিত তিলক হাজৰিকা আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ দৰে ব্যক্তিক সাংবাদিকতাৰ ক্ষেত্ৰখনত গুৰু হিচাপে লাভ কৰি ধণ্য হৈছো ৷

অসমৰ সংবাদ জগতত দৃঢ়তাৰে এক সুস্থ আৰু সবল ভেটি স্থাপন কৰা এইসকল মহান মনিষীৰ আদৰ্শক মূলমন্ত্ৰ হিচাপে লৈ সংবাদকৰ্মী সকলক দায়বদ্ধ,সততা আৰু নৈতিকতাৰ নীতিৰে সমাজ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় ৷ জখলাবন্ধা হস্পিতাল চাৰিআলিস্থিত কলিয়াবৰ প্ৰেছ ক্লাবৰ কাৰ্য্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে পূৱা ১০:৩০ বজাত প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণৰ পাছতেই সংবাদকৰ্মী ৰূপজ্যোতি গোস্বামীৰ ৰচনা আৰু শিল্পী যোগেন বৰদলৈৰ সুৰ আৰু পৰিচালনাৰে সমবেত সঙ্গীত পৰিবেশনেৰে মুকলি সভা অনুষ্ঠিত হয়। কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে আদৰণি ভাষনত কয়–এখন সুস্থ,সবল গনতন্ত্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম ৷ কলিয়াবৰত পৰ্যটন ক্ষেত্ৰখনৰ বিকাশৰ লগতে চৰকাৰী বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত স্থানীয় সংবাদকৰ্মী সকলক সৰব ভূমিকা প্ৰশংসাৰ যোগ্য বুলি তেঁও সদৰী কৰে ৷ কলিয়াবৰ প্ৰেছ ক্লাৱৰ সম্পাদক জয়ন্ত শৰ্মাই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথিৰ ভাষনত প্ৰাক্তন উদ্যোগমন্ত্ৰী তথা লেখক গুণীন হাজৰিকাই কয়–সাম্প্ৰতিক সময়ত সংবাদ ক্ষেত্ৰ খন পুঁজিপতি সকলৰ নিয়ন্ত্ৰণলৈ যোৱাটো সমাজব্যৱস্থাৰ বাৱেই অশুভ ইংগিত ৰূপে বিবেচিত হৈছে ৷

এশ খন যুদ্ধতৈও এখন বাতৰি কাকতক নেপোলিয়নে দৰে বীৰযোদ্ধাইও বেছিকৈ ভয় আৰু সমীহ কৰে বুলি সদৰী কৰা প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমে পূৰ্বৰ মৰ্যদা হেৰুওৱা বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কলিয়াবৰৰ পৰা সংবাদ ক্ষেত্ৰত সেৱা আগবঢ়াই থকা সংবাদকৰ্মীসকল ক্ৰমে তপন শইকীয়া, তৰুণ মুক্তিয়াৰ, জয়ন্ত কুমাৰ শৰ্মা, প্ৰদীপ লস্কৰ, গোলাপ চন্দ্ৰ শইকীয়া, অমূল্য বৰা, গৌতম কুমাৰ বৰা, কিশোৰী কুমাৰ ডেকা, দিগন্ত মহন্ত, পংকজ শইকীয়া, দিবাকৰ দাস, ৰূপজ্যোতি গোস্বামী, আশীষ কুমাৰ শইকীয়া, ভৱেন শইকীয়া, প্ৰণৱ হাজৰিকা, ৰাজু বিশ্বাস, দিপু বৰা, ৰিদীপ শৰ্মা, ৰাজ হাজৰিকাৰ লগতে সংবাদ ক্ষেত্ৰত অৱদান আগবঢ়োৱা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নৰেন্দ্ৰ নাথ হাজৰিকাকো সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানতেই কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰাক্তন সংবাদসেৱী সকল ক্ৰমে কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন উপদেষ্টা নৃপেন চন্দ্ৰ কেওঁট, প্ৰাক্তন সভাপতি দামোদৰ শইকীয়া, প্ৰাক্তন সম্পাদক সিদ্ধাৰ্থ শংকৰ গোস্বামী, ডিম্বেশ্বৰ হাজৰিকা, প্ৰণৱ মহন্ত, কৃষ্ণৰাম বৰুৱা, প্ৰণৱ জ্যোতি বৰা, ৰাতুল বৰুৱা, অৰুণ চৌহান, লালবাবু ৰয়, জয়ন্ত বৰা, গৌতম বৰা, নেপোলিয়ন দাসক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত সমাজকৰ্মী প্ৰদীপ বৰুৱা, নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকা, উজ্বল বৰাকে প্ৰমূখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়াই।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানত নগাঁও আঞ্চলিক সাহিত্য সভাৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উপদেষ্টা কংকন জ্যোতি বৰুৱা, অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মা, কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰেখা দেৱী, সম্পাদিকা ৰাণু নেওগ ভূঞা, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নবীন বৰঠাকুৰ, সম্পাদক বিৰাজ ভূষণ বৰা, হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ সম্পাদক মুৰুলী বৰা, কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সভাপতি পুলিন কাকতি, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চূড়ামণি বৰঠাকুৰ, সমাজকৰ্মী মণি মাধৱ মহন্ত, নৃপেন শৰ্মা, শিল্পী ৰামেশ্বৰ হাজৰিকা, জগন্নাথ মহন্ত, সমাজকৰ্মী স্বৰ্ণলতা মহন্ত, তৃষাৰাণী শইকীয়া, যতীন বৰা, জিতেন গৌড়, পুষ্পলতা দেৱী, সংগীতা পূজাৰী, জগত মেধিকে প্ৰমূখ্য কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে প্ৰেছ দিৱসৰ আজিৰ পবিত্ৰ ক্ষনত সদৌ অসম টেট উৰ্ত্তীণ প্ৰাথমিক শিক্ষক সমাজৰ হৈ নগাঁও জিলা সমিতিৰ সভাপতি উজ্জ্বল বৰাই কলিয়াবৰ প্ৰেছ ক্লাৱলৈ এখন হেমকোষ অভিধান উৎসৰ্গা কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in