ফাইল ফটো
ফাইল ফটো

৫০ পইচাত এক কিলো চাউল, এক তোলা সোণ বৃদ্ধি কৰি দুই তোলা সোণ দিয়াৰ দাবী উত্থাপন কৰিব হাগ্ৰামাই, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এনডিএফবিয়ে বহু বড়ো নেতাক হত্যা কৰিছে আৰু আন বহু জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰিছে তৎসত্বেও এবছু এতিয়া এনডিএফবিৰ সতে লগ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । এনডিএফবিয়ে এবছুৰ কাৰ্যালয় , বজাৰ , বড়ো জনগোষ্ঠীৰ নেতাকে ধৰি কিমান ঠাইত কিমান গুলীচালনা কৰিছে সেয়া ৰাইজে পাহৰা নাই , সেয়েহে এবছু , এনডিএফবি সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক ভোটাৰ ৰাইজে কাহানিও ভোট নিদিয়ে । এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

আজি কোকৰাঝাৰ জিলাৰ বনৰগাওঁৰ খাগ্ৰাবাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ উক্ত মন্তব্য প্ৰকাশ কৰি এবছুক পুনৰবাৰ আক্ৰমনৰ লক্ষ্য হিচাপে বাছি লয় ৷ বিশাল প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীয়ে ভাষণত কয় যে এসময়ত এনডিএফবিয়ে এবছু নেতাক হত্যা কৰি এতিয়া একেলগে ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক জয়ী কৰিবলৈ ৰাইজক আভুৱা ভাৰিছে ৷ বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এবছু , এনডিএফবিক কঠোৰ ভাষাৰে সমালোচনা কৰি বড়োৰ বহু নেতাক এনডিএফবিয়ে হত্যা কৰাৰ পিছত সেই এনডিএফবিৰ সতে এবছুৱে নিৰ্বাচন খেলা কাৰ্যই কি সূচাইছে বুলি প্ৰশ্ন উত্থাপন কৰি মহিলাৰীয়ে উৰ্খাও গৌৰা ব্ৰহ্মক ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰিছে । আনহাতে নৱ কুমাৰ শৰণীয়া এইবাৰ কোনো ফেক্টৰেই নহয় বুলি উল্লেখ কৰি বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে ।

এবছু , এনডিএফবিক ক্ষুৰাধাৰ সমালোচনা কৰাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰকৃততে বিপিএফ দলেহে বিটিএডিবাসী ৰাইজৰ উন্নয়নৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি আহিছে আৰু আগলৈকে কৰি যাব ৷ বিৰোধী দল সমূহে যিমানে অপপ্ৰচাৰ, অভিযোগ উত্থাপন নকৰক কিয় বিপিএফ দলৰ বাহিৰে কোনো দলে এই অঞ্চলৰ উন্নয়ন কৰিব নোৱাৰে৷ ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসনৰ ভিতৰত চাৰিখনতেই বিজেপি আৰু মিত্ৰগোটে জয়লাভ কৰিবলৈ সক্ষম হব বুলি দাবী কৰিছে মহিলাৰীয়ে । নিৰ্বাচনী প্ৰচাৰ অভিযানত হাগ্ৰামা মহিলাৰীয়ে মিত্ৰ দল বিজেপি চৰকাৰৰ উন্নয়নৰো ক্ষতিয়ান দাঙি ধৰি কয় যে বিজেপিৰ এক তোলা সোণত আটাইতকৈ মুছলমান লোকে লাভবান হৈছে বুলি মন্তব্য কৰে ৷ মহিলাৰীয়ে মোডী চৰকাৰে মুছলমান লোক লাভাম্বিত হোৱাকৈ আঁচনি হাতত লৈছে বুলি উল্লেখ কৰি কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ আহিলে বিটিচিবাসী লোকৰ বাবে পঞ্চাশ পইচাত এক কিলো চাউল আৰু এক তোলা সোণ বৃদ্ধি কৰি দুই তোলা সোণ দিয়াৰ দাবী উত্থাপন কৰিব ৷ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে কেন্দ্ৰত বিজেপি চৰকাৰ হবই বুলি দাবী কৰি ২০২০ চনত বিটিচিত পুনৰাই বিপিএফ দলৰে চৰকাৰ হব বুলিও দাবী কৰে ৷ বিজেপি চৰকাৰ পুনৰাই ক্ষমতাত আহিলে আদিবাসী, কোঁচ ৰাজবংশীৰ জনজাতিকৰণ হবই বুলি দৃঢ়তাৰে উল্লেখ কৰিছে মহিলাৰীয়ে ৷

বিশাল নিৰ্বাচনী সভাখনত হাগ্ৰামা মহিলাৰীয়ে এবছু সভাপতি প্ৰমোদ বড়োক পুনৰাই বেপাৰী আখ্যা দি বড়ো ৰাজ্য লাগে বুলি আন্দোলন চলোৱা এবছুুুুৱে নিৰ্বাচনী ইস্তাহাৰত বড়ো ৰাজ্যৰ প্ৰসংগ কিয় উল্লেখ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে অংশগ্ৰহণ কৰি এবছু আৰু ইউপিপিএল দলক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিৰ ক্ষতিয়ান দাঙি ধৰে ৷শুকুৰবাৰৰ নিৰ্বাচনী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে- দনেশ্বৰ গয়াৰী,ৰাজীৱ কুমাৰ ব্ৰহ্ম,প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীকে ধৰি প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in