গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক-পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ ‘জ্যোতিপ্ৰসাদ আগৰৱালা সাংবাদিকতা’ বঁটা…

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক-পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ ‘জ্যোতিপ্ৰসাদ আগৰৱালা সাংবাদিকতা’ বঁটা…

ডিজিটেল সংবাদ, গোলাঘাটঃ বিগত বৰ্ষৰ দৰে এইবাৰো পূৰ্ৱোত্তৰ প্ৰান্তীয় মাৰোৱাৰী যুৱ মঞ্চই উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ সাহিত্য, সাংবাদিক আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলক বিশেষ ভাৱে সন্মান জনাই আহিছে। এই বর্ষৰ বাবে পূৰ্বোত্তৰ প্ৰান্তীয় মাৰোৱাৰী যুৱ মঞ্চই সাংবাদিক ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কর্মী অপূৰ্ব বল্লভ গোস্বামীলৈ "জ্যোতিপ্ৰসাদ আগৰৱালা সাংবাদিক বঁটা" আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, এই বৰ্ষত পূৰ্বোত্তৰ প্ৰান্তীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত গুৱাহাটীত অহা ২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰীত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া "ধৰোহৰ" শীৰ্ষক কাৰ্যসূচীৰ শুভ উদ্বোধনীৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব। উল্লেখ্য যে, এই বৰ্ষৰ অন্য দুটি সাহিত্য আৰু সামাজিক বঁটা ক্ৰমে নলবাৰীৰ শ্যাম সুন্দৰ জি জালানক 'ছগনলাল জৈন সাহিত্য পুৰস্কাৰ' আৰু গুৱাহাটীৰ অলকা দেশাই শৰ্মাক 'অশোক মোডী সমাজসেৱা পুৰস্কাৰ' শীর্ষক বঁটা প্ৰদান কৰা হ'ব বুলি মঞ্চে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in