১০০গৰাকী যুৱতী-মহিলাক নিৰ্যাতনৰ বিৰুদ্ধে যুঁজাৰ প্ৰশিক্ষণ দিব ‘যুঁজাৰু-The Fighters’য়ে

১০০গৰাকী যুৱতী-মহিলাক নিৰ্যাতনৰ বিৰুদ্ধে যুঁজাৰ প্ৰশিক্ষণ দিব ‘যুঁজাৰু-The Fighters’য়ে

ডিজিটেল ডেস্কঃ সমাজত ক্ৰমাৎ বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। নাৰী নিৰ্যাতন তথা ধর্ষণকাণ্ডৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত হৈছে 'যুঁজাৰু-The Fighters' নামৰ এটা সংস্থা। ১৬ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ সংস্থাটোৱে আয়োজন কৰিছে যুৱতী-মহিলাৰ আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষণ শিবিৰ। এখন সংবাদমেলযোগে এই কথা সদৰী কৰে সংস্থাটোৱে।

এছআইপিআৰডি, কাঁহীকুচি আজাৰাত অনুষ্ঠিত হ'ব এই বিশেষ প্ৰশিক্ষণ শিবিৰটো। উক্ত ৮ দিনীয়া শিবিৰত বিশিষ্ট অতিথিৰূপে কৃষিমন্ত্ৰী অতুল বৰা, সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, এছআইপিআৰডিৰ সঞ্চালক খৰ্গেশ্বৰ পেগু, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক মনোজ হাজৰিকাকে আদি কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব।

সংস্থাটোৰ সভাপতি জোনমণি দেৱী খাউণ্ডে সংবাদমেলখনত কয় যে- জন্মগতভাৱে প্ৰতিগৰাকী নাৰীয়েই শক্তিশালী বুলি আমি বিশ্বাস কৰো যদিও, পুৰুষতান্ত্ৰিক সমাজখনৰ দমনীয় পৰিৱেশৰ বাবেই নাৰীয়ে সকলো গুণ প্ৰস্ফূতিত হোৱাত অসুবিধাৰ সন্মুখীন হয়। সেইবাবেই নাৰীৰ ব্যক্তি বিকাশ তথা ধৰ্ষণ-উৎপীড়নৰ পৰা আত্মৰক্ষাৰ শৈলীসমূহ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা মহিলাসকলক শিকোৱাৰ ব্যৱস্থা হাতত লৈছে তেওঁলোকে।

কৰ্মশালাত অংশ ল'বৰ বাবে ১৬ ডিচেম্বৰৰ বিয়লি ২ বজালৈকে সংস্থাটোৰ সৈতে ইচ্ছুকসকলে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে সংস্থাটোৰ ই-মেইল আই ডি fightersjuzaru@gmail.comৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in