জুৰিয়াত পিতৃৰে মিলি প্ৰেমিকে জীৱন্তে জ্বলালে প্ৰেমিকাক

জুৰিয়াত পিতৃৰে মিলি প্ৰেমিকে জীৱন্তে জ্বলালে প্ৰেমিকাক

ডিজিটেল সংবাদ, জুৰিয়াঃ নগাঁৱৰ জুৰিয়াৰ ফাকুলীত সংঘটিত হৈছে এক কৰুণ ঘটনা। প্ৰেমিক আৰু প্ৰেমিকৰ পিতৃয়ে মিলি জীৱন্তে জ্বলাই দিলে এগৰাকী যুৱতীক।

অতি সংকটজনক অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। সম্প্ৰতি নগাঁও ভূগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।

জীৱন্তে জ্বলাই দি যুৱতীগৰাকীক প্ৰেমিক হাবিবুৰ আৰু তেওঁৰ পিতৃ আব্দুল হায়ে ধাননী পথাৰত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

এই ঘটনাৰ সৈতে আন দুজন লোকে জড়িত হৈ থকাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰেমিকৰ পিতৃ আব্দুল হাইক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। অৱশ্যে আন তিনিজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে। প্ৰেমিক যুৱকজনে প্ৰেমৰ চালনাৰে যুৱতীগৰাকীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱা বুলি দাবী কৰিছে পৰিয়ালে।

বিয়াৰ বাবে যুৱতীগৰাকীয়ে হেঁচা দিয়াৰ বাবেই এইদৰে পিতৃৰ সৈতে মিলি যুৱতীগৰাকীক জ্বলাই দিয়া সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, যুৱতীগৰাকী প্ৰশিক্ষণৰত নাৰ্ছ হিচাপে কৰ্মৰত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in