বিহালীত জুবিন গাৰ্গৰ ওপজা দিন উদযাপন

বিহালীত জুবিন গাৰ্গৰ ওপজা দিন উদযাপন

ডিজিটেল সংবাদ, উত্তৰ অসমঃ নৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ওপজা দিন দেওবাৰে বেদেতীতো পালন কৰা হয়। এই উপলক্ষে বেদেতীস্থিত লক্ষ্মীনাথ বেজবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ, স্থানীয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিহালী অঞ্চলৰ কিছু দৰিদ্ৰ লোকক গৰম কাপোৰ প্ৰদান কৰা হয়।

জুবিন গাৰ্গ ফেন ক্লাৱ বিহালী সমিতিৰ সভাপতি ৰাতুল বৰুৱাই সভাপতিত্ব কৰা সভাৰ আঁত ধৰে বিহালী জুবিন ফেন ক্লাবৰ সহঃসম্পাদক মানৱ চাহুৱে। আমন্ত্ৰিত অতিথি হিচাপে ভাষণ দিয়ে বিদ্যালয়ৰ সহঃশিক্ষক শংকৰ দত্ত, সাংবাদিক ভূৱন লুইটেলে। খগেন মটকে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক আৰু লোহিত তেৰাঙদেৱে শুভেচ্ছা মূলক বক্তব্য দাঙি ধৰে।

তাৰ পাছত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীসকলক বটাঁ প্ৰদান কৰা হয়। লগতে সকলো প্ৰতিযোগীক একোটাকৈ কলমেৰে শুভেচ্ছা জনায়। ফেন ক্লাবৰ হৈ সম্পাদিকা গীতাঞ্জলী বৰা আৰু মূখ্যপাত্ৰ ভগীৰথ গোৱালা সকলো অতিথিলৈ শলাগৰ শৰাই আগবঢ়াই।

আজিৰ প্ৰথম কাৰ্যসূচীতে লক্ষ্মীনাথ বেজবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰতন বৰুৱাই নাহৰ গছৰ পুলিৰে বৃক্ষ ৰোপনৰ শুভাৰম্ভ কৰে। তাৰ পাছত সহঃ শিক্ষক শংকৰ দত্ত, স্থানীয় ৰাইজ আৰু জুবিন গাৰ্গ ফেন ক্লাৱ বিহালী সমিতিৰ সকলো বিষয়ববীয়া, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী, স্থানীয় শিশু আৰু অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী অন্ত পৰে। বেদেতী বিহালী, শিয়ালমাৰি, বৰগাং অঞ্চলৰ কিছু দৰিদ্ৰ লোকক গৰম কাপোৰ, বিস্কুট আদি প্ৰদান কৰি আজি জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in