লক্ষ্য ২০২৪ লোকসভা নিৰ্বাচন : ১২০ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশ ভ্ৰমণ কৰিব জেপি নাড্ডাই…

লক্ষ্য ২০২৪ লোকসভা নিৰ্বাচন : ১২০ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশ ভ্ৰমণ কৰিব জেপি নাড্ডাই…

ডিজিটেল ডেস্ক : ২০২৪ চনত অনুষ্ঠিত হ'ব লগীয়া পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ডিচেম্বৰত ১২০ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশজুৰি ভ্ৰমণ আৰম্ভ কৰিব ।

এই ভ্ৰমণ সূচীৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে সংগঠনটোৰ দুৰ্বল দিশ সমূহ আলোচনা কৰি দূৰ কৰিব। দেওবাৰে এই কথা জানিব দিয়ে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এই ভ্ৰমণ ডিচেম্বৰৰ প্ৰথম সপ্তাহত উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰিব । নড্ডাই ৫ ডিচেম্বৰৰ পৰা ভ্ৰমণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in