সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত কাছাৰত সাংবাদিকৰ প্ৰতিবাদ…

সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত কাছাৰত সাংবাদিকৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ শিলচৰ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনি জন সাংবাদিকক শনিবাৰে কালাইনত আক্ৰমণ কৰা দোষী ব্যক্তি সকলক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত সোমবাৰে ধৰ্ণা কাৰ্যসুচী পালন কৰে কাটিগৰাৰ সাংবাদিক সকলে ৷ কাটিগৰা ৱৰ্কিং জাৰ্ণালিষ্ট গিল্ডৰ উদ্যোগত কাটিগৰা থানাৰ সন্মুখত আয়োজিত এই ধৰ্ণা কাৰ্যসুচীত তিনি সাংবাদিক আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ নিন্দা জনোৱা হয় ৷

কালাইনৰ লক্ষীপুৰত ডাম্পাৰৰ খুণ্ডাত দুজন লোকৰ মৃত্যুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কাটিগৰাৰ তিনি সাংবাদিক ইমাদ উদ্দিন মজুমদাৰ, ৰফিক আহমেদ চৌধুৰী আৰু সুপ্ৰিয় দত্তক এদল দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ পিচত কাটিগৰা থানাত এটি গোচৰ ৰুজু কৰা হয় ৷

আনহাতে, দোষী ব্যক্তি সকলক সোমবাৰে দহ বজাৰ ভিতৰত গ্ৰেপ্তাৰৰ বাবে আৰক্ষী অধীক্ষকৰ হাতত ষ্মাৰক প্ৰদান কৰি সময় বান্ধি দিয়াৰ পিচতো আৰক্ষীয়ে এজনো দোষীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসুচী পালন কৰিবলৈ বাধ্য হয় সাংবাদিক সকলে ৷ সাংবাদিক আক্ৰমণ কাৰী সকলক শিঘ্ৰে
গ্ৰেপ্তাৰ নকৰিলে পুনৰ তীব্ৰ আন্দোলন গঢ়িব বুলি ষ্পষ্ট কৰি দিয়ে প্ৰতিবাদী সাংবাদিক সকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in