শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা…

21

ডিজিটেল ডেস্ক : বৰপেটাৰোডত সংবাদিক আব্দুল খালেকক যোৱা নিশা এক দুৰ্বৃত্তৰ দলে সংঘবদ্ধ হৈ আক্ৰমণ কৰে । ঘটনা সন্দৰ্ভত জনিব পৰা মতে পূজা থলীৰ বাতৰি সং্গ্ৰহ কৰিবলৈ যোৱা সাংবাদিক গৰাকীয়ে পূজা মণ্ডপৰ ওচৰতে এদল যুৱক কাজিয়াত লিপ্ত হোৱা প্ৰত্যক্ষ কৰি কাষ চাপি যায় আৰু মাৰপিটৰ দৃশ্যও মোবাইলত বন্দী কৰে ।

এই ঘটনাত ক্ষুব্ধ হৈ কাজিয়াত লিপ্ত উদণ্ড যুৱকৰ দলটোৱে সাংবাদিক গৰাকীক মাৰ ধৰ কৰাৰ উপৰি অশ্লীল গালি গালাজ কৰাৰ লগতে তেওঁৰ মোবাইল ফোন দুটাও কাঢ়ি লৈ যায় । ইয়াৰ পিছত সাংবাদিক খালেকে ঘটনা সন্দৰ্ভত বৰপেটা ৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছে বৰপেটা জিলা সাংবাদিক সন্থা, বৰপেটা ৰোড প্ৰেছ ক্লাৱৰ লগতে অনেযান্য় দল সংগঠনে । এই ক্ষেত্ৰত লক্ষনীয় কথাটো হ’ল পূজা গৃহত নিশাৰ ভাগত আৰক্ষীৰ দল থাকিব লাগিছিল যদিও মৰপিটৰ দৰে ঘটনা পূজা মণ্ডপৰ কাষতে ঘটি থকা স্বতেও সেই সময়ত সেই সময়ত পূজা মণ্ডপত আৰক্ষীৰ কোনো লোক নাছিল বাবে সাংবাদিক আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হ’বলৈ পালে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি