যোৰহাটৰ বাইপাছত ভয়ানক পথ দুৰ্ঘটনা, গুৱাহাটীৰ পৰা কইনা চাবলৈ যোৱাৰ পথত একে পৰিয়ালৰ ৩জনৰ মৃত্যু, VIDEO

যোৰহাটৰ বাইপাছত ভয়ানক পথ দুৰ্ঘটনা, গুৱাহাটীৰ পৰা কইনা চাবলৈ যোৱাৰ পথত একে পৰিয়ালৰ ৩জনৰ মৃত্যু, VIDEO

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট চাৰিগাও বাইপাছত বুধবাৰে পুৱা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন লোক নিহত হয়। গুৱাহাটীৰ পৰা মৰাণ অভিমুখে গৈ থকা এএছ০১-অ'জে-৩৬৫০ নম্বৰৰ এখন বলেৰ' বাহনৰ আৰজে২৭-জিবি-০৮১০ নম্বৰৰ এখন ট্ৰাকৰ সৈতে ভোগদৈ দলঙৰ সমীপত সংঘৰ্ষ হোৱাত দুৰ্ঘটনাস্থলীতে প্ৰভাৱতী দেৱী(৪৮) আৰু উৰ্মিলা দেবী(৫০) নামৰ মহিলা দুগৰাকী থিতাতে নিহত হয়।

আনহাতে সুদামা শ্বাহ(৩০)ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। ইফালে গুৰুতৰভাবে আহত ৪ জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

আহত সকলৰ ভিতৰত এটি শিশুও আছে। জানিব পৰা মতে গুৱাহাটীৰ এই পৰিয়ালটোৱে বলেৰ'খন ভাড়া কৰি মৰাণত বিবাহৰ বাবে ছোৱালী চাবলৈ আহিছিল। বলেৰ'খনত পৰিয়ালটোৰ ৬ জন ব্যক্তিৰ লগতে ড্ৰাইভাৰসহ মুঠ ৭ জন যাত্ৰী আছিল।

আহত ৰবীন্দ্ৰ শ্বাহ, মমতা ৰাজকুমাৰী, পুলক দাস, ৰাজু শ্বাহক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in