মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত উত্তাল যোৰহাটৰ ৰাজপথ

মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত উত্তাল যোৰহাটৰ ৰাজপথ

ডিজিটেল সংবাদ, যোৰহাটঃ লকডাউনৰ গইনা লৈ এচাম অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে। মানৱ সভ্যতাৰ জটিল সন্ধিক্ষণত জনসাধাৰণক মূল্যবৃদ্ধিয়ে কোঙা কৰিব বিচৰা সময়ত নীৰৱ দৰ্শকৰ ভূমিকা পালনেৰে চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়া অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই।

মঙলবাৰে এই কাৰ্যসূচীত উপস্থিত থাকি যোৰহাট অঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ভূঞাই কয় যে, যোৰহাটৰ অসাধু ব্যৱসায়ী সকলে লকডাউনৰ পূৰ্ণ সুযোগ লৈ সাধাৰণ জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাইছে। এনে হৈ থাকিলে অনাগত দিনত কঠোৰ আন্দোলনৰ কাৰ্যসূচী লব বুলি মন্তব্য কৰে।

প্ৰতিবাদ স্থলীত উপস্থিত থকা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে কয় যে, মানৱতাৰ এই জটিল সন্ধিক্ষণত কোনো বণিয়াই ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত কৃত্ৰিম নাটনিৰ সৃষ্টিৰে মূল্যবৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ সোধাব, সেয়া ছাত্ৰ সন্থাই কোনো কাৰণতে সহ্য নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in